ছূৰা 7 · জুজ 8
Al-A'raf · 7:81
إِنَّكُمْ لَتَأْتُونَ الرِّجَالَ شَهْوَةً مِنْ دُونِ النِّسَاءِ ۚ بَلْ أَنْتُمْ قَوْمٌ مُسْرِفُونَ
‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰত যোৱা, বৰং তোমালোক সীমালংঘনকাৰী সম্প্ৰদায়’।
তাফছীৰ
তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰত যোৱা, অথচ ইয়াৰ বাবে নাৰীসকলক সৃষ্টি কৰা হৈছে। তোমালোকৰ এই কুকৰ্মক বিবেক, ধৰ্ম আৰু প্ৰকৃতিয়েও সমৰ্থন নকৰে। প্ৰকৃততে তোমালোক আল্লাহৰ সীমালঙ্ঘনকাৰী ব্যক্তি। কিয়নো তোমালোক মানৱ-ভাৰসাম্যৰ সীমাৰ পৰা ওলাই গৈছা, লগতে সুস্থ বিবেক আৰু মানৱ স্বভাৱৰ পৰা বিমুখ হৈছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক