ছূৰা 7 · জুজ 8
Al-A'raf · 7:83
فَأَنْجَيْنَاهُ وَأَهْلَهُ إِلَّا امْرَأَتَهُ كَانَتْ مِنَ الْغَابِرِينَ
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলো কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত।
তাফছীৰ
তেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিলো। আৰু তেওঁলোকক ৰাতিৰ ভাগত সেই গাওঁখন পৰিত্যাগ কৰাৰ নিৰ্দেশ দিলো, যিটোত শাস্তি আহিব। আনহাতে তেওঁৰ পত্নী গাওঁৰ বাকী লোকসকলৰ লগতে থাকি গ'ল। সেয়ে সিও শাস্তিৰ সন্মুখীন হ'ল, যিদৰে গাওঁবাসী হৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক