ছূৰা 7 · জুজ 9

Al-A'raf · 7:196

إِنَّ وَلِيِّيَ اللَّهُ الَّذِي نَزَّلَ الْكِتَابَ ۖ وَهُوَ يَتَوَلَّى الصَّالِحِينَ

‘নিশ্চয় মোৰ অভিভাৱক কেৱল আল্লাহ, যিজনে কিতাব অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই সৎকৰ্মপৰায়ণ সকলৰ অভিভাৱকত্ব কৰে’।

তাফছীৰ

প্ৰকৃততে মোৰ সহায়ক হৈছে আল্লাহ, যিয়ে মোক সুৰক্ষা প্ৰদান কৰে। সেয়েহে মই আন কাৰো ওচৰত একো আশা নকৰো, আৰু তোমালোকৰ কোনো মূৰ্তিকো ভয় নকৰো। কিয়নো তেৱেঁই মোৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে মানৱ জাতিৰ হিদায়তৰ বাবে। তেৱেঁই নেক বান্দাসকলৰ তত্ত্বাৱধায়ন কৰে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰে আৰু সহায়-সহযোগিতা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক