ছূৰা 7 · জুজ 8
Al-A'raf · 7:64
فَكَذَّبُوهُ فَأَنْجَيْنَاهُ وَالَّذِينَ مَعَهُ فِي الْفُلْكِ وَأَغْرَقْنَا الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۚ إِنَّهُمْ كَانُوا قَوْمًا عَمِينَ
তথাপিও সিহঁতে তেওঁক মিছলীয়া বুলি ক’লে। ফলত তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল আমি তেওঁলোকক উদ্ধাৰ কৰিছো আৰু যিসকলে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিছিল সিহঁতক আমি ডুবাই মাৰিছো। নিশ্চয় সিহঁত আছিল এটা অন্ধ সম্প্ৰদায়।
তাফছীৰ
কিন্তু তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে আৰু তেওঁৰ প্ৰতি ঈমান পোষণ নকৰিলে, বৰং সিহঁত কুফৰৰ ওপৰত অটল থাকিল। ফলত নূহ আলাইহিছ ছালামে সিহঁতৰ ওপৰত বদ দুআ কৰি ক'লেঃ হে আল্লাহ! সিহঁতক ধ্বংস কৰি দিয়া। এতেকে আমি নূহক আৰু তেওঁৰ সৈতে থকা নাৱত আৰোহণ কৰা মুমিনসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলো। আনহাতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰা ব্যক্তিসকলক লগতে যিসকলে এই কাৰ্যত অটল আছিল সিহঁতক শাস্তি স্বৰূপে অৱতীৰ্ণ হোৱা ধূমুহাত পতিত কৰি ডুবাই মাৰিলো। দৰাচলতে সিহঁতৰ অন্তৰত পৰ্দা পৰিছিল, সেই কাৰণে সিহঁতে সত্যক বুজি পোৱা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক