ছূৰা 7 · জুজ 8

Al-A'raf · 7:52

وَلَقَدْ جِئْنَاهُمْ بِكِتَابٍ فَصَّلْنَاهُ عَلَىٰ عِلْمٍ هُدًى وَرَحْمَةً لِقَوْمٍ يُؤْمِنُونَ

আৰু নিশ্চয় আমি সিহঁতৰ ওচৰত লৈ আহিছো এনে এখন কিতাপ, যিটো আমি জ্ঞানৰ ভিত্তিত বিশদভাৱে ব্যাখ্যা কৰিছো, আৰু যিটো মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।

তাফছীৰ

আমি এই কোৰআন সিহঁতৰ ওচৰত আনিছো, যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এখন পুথি। আমি আমাৰ জ্ঞানৰ দ্বাৰা ইয়াক বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছো। এই পুথিয়ে মুমিনসকলক সত্য তথা হিদায়তৰ পথ দেখুৱায়। লগতে এইটো মুমিনসকলৰ বাবে ৰহমত, কিয়নো ইয়াৰ মাজত আছে পৃথিৱী আৰু আখিৰাতৰ প্ৰতি দিশ নিৰ্দেশনা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক