ছূৰা 7 · জুজ 8
Al-A'raf · 7:22
فَدَلَّاهُمَا بِغُرُورٍ ۚ فَلَمَّا ذَاقَا الشَّجَرَةَ بَدَتْ لَهُمَا سَوْآتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِنْ وَرَقِ الْجَنَّةِ ۖ وَنَادَاهُمَا رَبُّهُمَا أَلَمْ أَنْهَكُمَا عَنْ تِلْكُمَا الشَّجَرَةِ وَأَقُلْ لَكُمَا إِنَّ الشَّيْطَانَ لَكُمَا عَدُوٌّ مُبِينٌ
ফলত সি সিহঁতক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া সিহঁতে সেই গছৰ ফল খালে, তেতিয়া সিহঁতৰ লজ্জাস্থান সিহঁতৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু সিহঁতে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিব ধৰিলে। তেতিয়া সিহঁতৰ প্ৰতিপালকে সিহঁতক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোনে? আৰু মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় চয়তান তোমালোক উভয়ৰে প্ৰকাশ্য শত্ৰু?
তাফছীৰ
এইদৰে চয়তানে তেওঁলোকক প্ৰৱঞ্চনাৰে সেই স্থানৰ পৰা প্ৰস্থান কৰালে, য’ত তেওঁলোক আছিল। তেওঁলোকে নিষেধকৃত গছৰ ফল খোৱাৰ লগে লগে তেওঁলোকৰ আবৃত গোপনীয় অংগ প্ৰকাশ হৈ গল। তেতিয়া উভয়ে নিজৰ শৰীৰ জান্নাতৰ পাতেৰে ঢাকিবলৈ ধৰিলে, যাতে লজ্জাস্থান ঢাকিব পাৰে। এই দেখি আল্লাহে সিহঁতক মাতি ক'লেঃ মই তোমালোকক এই বৃক্ষৰ পৰা বাৰণ কৰা নাছিলো নে? লগতে এই কথা কোৱা নাছিলো নে যে, চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক