ছূৰা 7 · জুজ 9
Al-A'raf · 7:160
وَقَطَّعْنَاهُمُ اثْنَتَيْ عَشْرَةَ أَسْبَاطًا أُمَمًا ۚ وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ إِذِ اسْتَسْقَاهُ قَوْمُهُ أَنِ اضْرِبْ بِعَصَاكَ الْحَجَرَ ۖ فَانْبَجَسَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَيْنًا ۖ قَدْ عَلِمَ كُلُّ أُنَاسٍ مَشْرَبَهُمْ ۚ وَظَلَّلْنَا عَلَيْهِمُ الْغَمَامَ وَأَنْزَلْنَا عَلَيْهِمُ الْمَنَّ وَالسَّلْوَىٰ ۖ كُلُوا مِنْ طَيِّبَاتِ مَا رَزَقْنَاكُمْ ۚ وَمَا ظَلَمُونَا وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ
আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছো। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলো, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজ নিজ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আৰু আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলো আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো। (কৈছিলো) ‘তোমালোকক যি জীৱিকা দান কৰিছো তাৰ পৰা পৱিত্ৰ বস্তু খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে।
তাফছীৰ
আমি বনী ইছৰাঈলক বাৰটা গোত্ৰত বিভক্ত কৰিছিলো। আৰু মূছাৰ প্ৰতি অহী প্ৰেৰণ কৰিলো যেতিয়া তেওঁৰ সম্প্ৰদায়ে তেওঁৰ ওচৰত পানী বিচাৰি আবেদন কৰিলে। হে মূছা! তোমাৰ লাঠিৰে এই শিলডোখৰক আঘাত কৰা। এতেকে তেওঁ শিলত আঘাত কৰিলে আৰু তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা পানী নিজৰা প্ৰবাহিত হ'ল, তথা প্ৰত্যেক গোত্ৰই নিজ নিজ নিজৰা চমজি ললে, কিয়নো তাৰ পৰা আন কোনো গোত্ৰই পানী পান কৰিব নোৱাৰে। আমি সিহঁতৰ ওপৰত মেঘৰ ছাঁ কৰি দিছিলো, সিহঁতৰ গতিৰ লগত মেঘেও গতি কৰিছিল আৰু সিহঁতে থিয় দিলে মেঘেও থমকি ৰৈছিল। আৰু আমি আমাৰ অনুগ্ৰহ সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যেনে- মৌৰ দৰে মিঠা পানীয় আৰু সু-সোৱাদ বিশিষ্ট কোয়েল চৰাইৰ দৰে সৰু চৰাই। আমি সিহঁতক কৈছিলোঃ আমি প্ৰদান কৰা পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা। সিহঁতৰ অবাধ্যতা তথা অকৃতজ্ঞতাৰ পিছতো আমি সিহঁতৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিলো। কিন্তু সিহঁতে অবাধ্যতা কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰি আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক