Al-Anfal

سورة الأنفال

ছূৰা 8 · মাদানী · 75 আয়াত

8:1জুজ 9 · পৃ. 177

يَسْأَلُونَكَ عَنِ الْأَنْفَالِ ۖ قُلِ الْأَنْفَالُ لِلَّهِ وَالرَّسُولِ ۖ فَاتَّقُوا اللَّهَ وَأَصْلِحُوا ذَاتَ بَيْنِكُمْ ۖ وَأَطِيعُوا اللَّهَ وَرَسُولَهُ إِنْ كُنْتُمْ مُؤْمِنِينَ1

মানুহে তোমাক আনফাল (যুদ্ধলব্ধ সম্পদ) সম্পৰ্কে প্ৰশ্ন কৰে; কোৱা, ‘যুদ্ধলব্ধ সম্পদ আল্লাহ আৰু ৰাছুলৰ বাবে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা’।
8:2জুজ 9 · পৃ. 177

إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ آيَاتُهُ زَادَتْهُمْ إِيمَانًا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ2

প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।
8:3জুজ 9 · পৃ. 177

الَّذِينَ يُقِيمُونَ الصَّلَاةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ3

যিসকলে ছালাত কায়েম কৰে আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে;
8:4জুজ 9 · পৃ. 177

أُولَٰئِكَ هُمُ الْمُؤْمِنُونَ حَقًّا ۚ لَهُمْ دَرَجَاتٌ عِنْدَ رَبِّهِمْ وَمَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ4

সিহঁতেই প্ৰকৃত মুমিন। সিহঁতৰ বাবে আছে সিহঁতৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদাসমূহ, ক্ষমা আৰু সন্মানজনক জীৱিকা।
8:5জুজ 9 · পৃ. 177

كَمَا أَخْرَجَكَ رَبُّكَ مِنْ بَيْتِكَ بِالْحَقِّ وَإِنَّ فَرِيقًا مِنَ الْمُؤْمِنِينَ لَكَارِهُونَ5

এইটো এনেকুৱা, যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল।
8:6জুজ 9 · পৃ. 177

يُجَادِلُونَكَ فِي الْحَقِّ بَعْدَمَا تَبَيَّنَ كَأَنَّمَا يُسَاقُونَ إِلَى الْمَوْتِ وَهُمْ يَنْظُرُونَ6

সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগে যেন সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে আৰু সিহঁতে সেয়া দেখি আছে।
8:7জুজ 9 · পৃ. 177

وَإِذْ يَعِدُكُمُ اللَّهُ إِحْدَى الطَّائِفَتَيْنِ أَنَّهَا لَكُمْ وَتَوَدُّونَ أَنَّ غَيْرَ ذَاتِ الشَّوْكَةِ تَكُونُ لَكُمْ وَيُرِيدُ اللَّهُ أَنْ يُحِقَّ الْحَقَّ بِكَلِمَاتِهِ وَيَقْطَعَ دَابِرَ الْكَافِرِينَ7

আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হব, অথচ তোমালোকে বিচাৰিছিলা যে, অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওঁক, কিন্তু আল্লাহে বিচাৰিছিল সত্যক তেওঁৰ বাণীৰ দ্বাৰা প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব।
8:8জুজ 9 · পৃ. 177

لِيُحِقَّ الْحَقَّ وَيُبْطِلَ الْبَاطِلَ وَلَوْ كَرِهَ الْمُجْرِمُونَ8

এইটো এই বাবে যে, তেওঁ সত্যক সত্যৰূপে আৰু বাতিলক বাতিলৰূপে প্ৰতিপন্ন কৰে, যদিও অপৰাধীসকলে এয়া পছন্দ নকৰে।
8:9জুজ 9 · পৃ. 178

إِذْ تَسْتَغِيثُونَ رَبَّكُمْ فَاسْتَجَابَ لَكُمْ أَنِّي مُمِدُّكُمْ بِأَلْفٍ مِنَ الْمَلَائِكَةِ مُرْدِفِينَ9

স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল যে, ‘অৱশ্যে আমি তোমালোকক সহায় কৰিম এহেজাৰ ফিৰিস্তাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব’।
8:10জুজ 9 · পৃ. 178

وَمَا جَعَلَهُ اللَّهُ إِلَّا بُشْرَىٰ وَلِتَطْمَئِنَّ بِهِ قُلُوبُكُمْ ۚ وَمَا النَّصْرُ إِلَّا مِنْ عِنْدِ اللَّهِ ۚ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ10

আৰু আল্লাহে এইটো কৰিছে কেৱল সুসংবাদস্বৰূপ আৰু যাতে তোমালোকৰ অন্তৰসমূহ ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
8:11জুজ 9 · পৃ. 178

إِذْ يُغَشِّيكُمُ النُّعَاسَ أَمَنَةً مِنْهُ وَيُنَزِّلُ عَلَيْكُمْ مِنَ السَّمَاءِ مَاءً لِيُطَهِّرَكُمْ بِهِ وَيُذْهِبَ عَنْكُمْ رِجْزَ الشَّيْطَانِ وَلِيَرْبِطَ عَلَىٰ قُلُوبِكُمْ وَيُثَبِّتَ بِهِ الْأَقْدَامَ11

স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।
8:12জুজ 9 · পৃ. 178

إِذْ يُوحِي رَبُّكَ إِلَى الْمَلَائِكَةِ أَنِّي مَعَكُمْ فَثَبِّتُوا الَّذِينَ آمَنُوا ۚ سَأُلْقِي فِي قُلُوبِ الَّذِينَ كَفَرُوا الرُّعْبَ فَاضْرِبُوا فَوْقَ الْأَعْنَاقِ وَاضْرِبُوا مِنْهُمْ كُلَّ بَنَانٍ12

স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছো, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে আঘাত কৰা সিহঁতৰ গলধনত আৰু আঘাত কৰা সিহঁতৰ প্ৰত্যেক গাঠিয়ে গাঠিয়ে।
8:13জুজ 9 · পৃ. 178

ذَٰلِكَ بِأَنَّهُمْ شَاقُّوا اللَّهَ وَرَسُولَهُ ۚ وَمَنْ يُشَاقِقِ اللَّهَ وَرَسُولَهُ فَإِنَّ اللَّهَ شَدِيدُ الْعِقَابِ13

এইটো এই বাবে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
8:14জুজ 9 · পৃ. 178

ذَٰلِكُمْ فَذُوقُوهُ وَأَنَّ لِلْكَافِرِينَ عَذَابَ النَّارِ14

এইটো শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।
8:15জুজ 9 · পৃ. 178

يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا لَقِيتُمُ الَّذِينَ كَفَرُوا زَحْفًا فَلَا تُوَلُّوهُمُ الْأَدْبَارَ15

হে মুমিনসকল! তোমালোকে যেতিয়া কাফিৰ বাহিনীৰ সন্মুখীন হ’বা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতৰ সন্মুখত পৃষ্ঠ প্ৰদৰ্শন নকৰিবা;
8:16জুজ 9 · পৃ. 178

وَمَنْ يُوَلِّهِمْ يَوْمَئِذٍ دُبُرَهُ إِلَّا مُتَحَرِّفًا لِقِتَالٍ أَوْ مُتَحَيِّزًا إِلَىٰ فِئَةٍ فَقَدْ بَاءَ بِغَضَبٍ مِنَ اللَّهِ وَمَأْوَاهُ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ16

আৰু সেই দিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিল আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
8:17জুজ 9 · পৃ. 179

فَلَمْ تَقْتُلُوهُمْ وَلَٰكِنَّ اللَّهَ قَتَلَهُمْ ۚ وَمَا رَمَيْتَ إِذْ رَمَيْتَ وَلَٰكِنَّ اللَّهَ رَمَىٰ ۚ وَلِيُبْلِيَ الْمُؤْمِنِينَ مِنْهُ بَلَاءً حَسَنًا ۚ إِنَّ اللَّهَ سَمِيعٌ عَلِيمٌ17

এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল, আৰু এইটো মুমিনসকলক আল্লাহৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষাৰ (মাধ্যমত উচ্চ মৰ্যাদাত উপনীত কৰাৰ) বাবে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
8:18জুজ 9 · পৃ. 179

ذَٰلِكُمْ وَأَنَّ اللَّهَ مُوهِنُ كَيْدِ الْكَافِرِينَ18

এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।
8:19জুজ 9 · পৃ. 179

إِنْ تَسْتَفْتِحُوا فَقَدْ جَاءَكُمُ الْفَتْحُ ۖ وَإِنْ تَنْتَهُوا فَهُوَ خَيْرٌ لَكُمْ ۖ وَإِنْ تَعُودُوا نَعُدْ وَلَنْ تُغْنِيَ عَنْكُمْ فِئَتُكُمْ شَيْئًا وَلَوْ كَثُرَتْ وَأَنَّ اللَّهَ مَعَ الْمُؤْمِنِينَ19

যদি তোমালোকে মীমাংসা বিচাৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। আৰু তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।
8:20জুজ 9 · পৃ. 179

يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَرَسُولَهُ وَلَا تَوَلَّوْا عَنْهُ وَأَنْتُمْ تَسْمَعُونَ20

হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে যেতিয়া তেওঁৰ কথা শুনা তেতিয়া তাৰ পৰা মুখ ঘূৰাই নলবা।
8:21জুজ 9 · পৃ. 179

وَلَا تَكُونُوا كَالَّذِينَ قَالُوا سَمِعْنَا وَهُمْ لَا يَسْمَعُونَ21

আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে কয়, ‘আমি শুনিছো’; আচলতে সিহঁতে শুনাই নাই।
8:22জুজ 9 · পৃ. 179

۞ إِنَّ شَرَّ الدَّوَابِّ عِنْدَ اللَّهِ الصُّمُّ الْبُكْمُ الَّذِينَ لَا يَعْقِلُونَ22

নিশ্চয় আল্লাহৰ ওচৰত সকলো বিচৰণশীল জীৱৰ তুলনাত সিহঁতেই হৈছে নিকৃষ্টতম কলা, বোবা যিসকলে একো নুবুজে।
8:23জুজ 9 · পৃ. 179

وَلَوْ عَلِمَ اللَّهُ فِيهِمْ خَيْرًا لَأَسْمَعَهُمْ ۖ وَلَوْ أَسْمَعَهُمْ لَتَوَلَّوْا وَهُمْ مُعْرِضُونَ23

আৰু আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।
8:24জুজ 9 · পৃ. 179

يَا أَيُّهَا الَّذِينَ آمَنُوا اسْتَجِيبُوا لِلَّهِ وَلِلرَّسُولِ إِذَا دَعَاكُمْ لِمَا يُحْيِيكُمْ ۖ وَاعْلَمُوا أَنَّ اللَّهَ يَحُولُ بَيْنَ الْمَرْءِ وَقَلْبِهِ وَأَنَّهُ إِلَيْهِ تُحْشَرُونَ24

হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনে কিবাৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় আল্লাহ মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।
8:25জুজ 9 · পৃ. 179

وَاتَّقُوا فِتْنَةً لَا تُصِيبَنَّ الَّذِينَ ظَلَمُوا مِنْكُمْ خَاصَّةً ۖ وَاعْلَمُوا أَنَّ اللَّهَ شَدِيدُ الْعِقَابِ25

আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) যিটো বিশেষকৈ তোমালোকৰ মাজৰ যিসকলে যালিম কেৱল সিহঁতৰ মাজতেই সীমাবদ্ধ নাথাকে। আৰু জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
8:26জুজ 9 · পৃ. 180

وَاذْكُرُوا إِذْ أَنْتُمْ قَلِيلٌ مُسْتَضْعَفُونَ فِي الْأَرْضِ تَخَافُونَ أَنْ يَتَخَطَّفَكُمُ النَّاسُ فَآوَاكُمْ وَأَيَّدَكُمْ بِنَصْرِهِ وَرَزَقَكُمْ مِنَ الطَّيِّبَاتِ لَعَلَّكُمْ تَشْكُرُونَ26

আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে, মানুহে তোমালোকক অকস্মাৎ আহি ধৰি লৈ যাব। তাৰ পিছত তেৱেঁই তোমালোকক আশ্ৰয় দিলে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিলে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিলে যাতে তোমালোকে কৃতজ্ঞ হোৱা।
8:27জুজ 9 · পৃ. 180

يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَخُونُوا اللَّهَ وَالرَّسُولَ وَتَخُونُوا أَمَانَاتِكُمْ وَأَنْتُمْ تَعْلَمُونَ27

হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।
8:28জুজ 9 · পৃ. 180

وَاعْلَمُوا أَنَّمَا أَمْوَالُكُمْ وَأَوْلَادُكُمْ فِتْنَةٌ وَأَنَّ اللَّهَ عِنْدَهُ أَجْرٌ عَظِيمٌ28

আৰু জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এটা পৰীক্ষা; আৰু নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।
8:29জুজ 9 · পৃ. 180

يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ تَتَّقُوا اللَّهَ يَجْعَلْ لَكُمْ فُرْقَانًا وَيُكَفِّرْ عَنْكُمْ سَيِّئَاتِكُمْ وَيَغْفِرْ لَكُمْ ۗ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ29

হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ হৈছে মহা কল্যাণৰ অধিকাৰী।
8:30জুজ 9 · পৃ. 180

وَإِذْ يَمْكُرُ بِكَ الَّذِينَ كَفَرُوا لِيُثْبِتُوكَ أَوْ يَقْتُلُوكَ أَوْ يُخْرِجُوكَ ۚ وَيَمْكُرُونَ وَيَمْكُرُ اللَّهُ ۖ وَاللَّهُ خَيْرُ الْمَاكِرِينَ30

আৰু স্মৰণ কৰা, যেতিয়া কাফিৰসকলে তোমাক বন্দী কৰাৰ বাবে অথবা হত্যা কৰাৰ বাবে নাইবা নিৰ্বাসিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল। সিহঁতে ষড়যন্ত্ৰ কৰিছিল ইপিনে আল্লাহেও (সিহঁতৰ ষড়যন্ত্ৰৰ বিপক্ষে) তাৰ প্ৰতিব্যৱস্থা কৰিছিল, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী।
8:31জুজ 9 · পৃ. 180

وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا قَالُوا قَدْ سَمِعْنَا لَوْ نَشَاءُ لَقُلْنَا مِثْلَ هَٰذَا ۙ إِنْ هَٰذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ31

আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, ‘আমি শুনিলো, ইচ্ছা কৰিলে আমিও এইদৰে ক’ব পাৰো, এইবোৰ হৈছে কেৱল পুৰণি দিনৰ লোকসকলৰ উপকথা’।
8:32জুজ 9 · পৃ. 180

وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ32

আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
8:33জুজ 9 · পৃ. 180

وَمَا كَانَ اللَّهُ لِيُعَذِّبَهُمْ وَأَنْتَ فِيهِمْ ۚ وَمَا كَانَ اللَّهُ مُعَذِّبَهُمْ وَهُمْ يَسْتَغْفِرُونَ33

আল্লাহ এনেকুৱা নহয় যে, তুমি সিহঁতৰ মাজত থকা অৱস্থাত তেওঁ সিহঁতক শাস্তি দিব; লগতে আল্লাহৰ নীতি এইটোও নহয় যে, সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব।
8:34জুজ 9 · পৃ. 181

وَمَا لَهُمْ أَلَّا يُعَذِّبَهُمُ اللَّهُ وَهُمْ يَصُدُّونَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوا أَوْلِيَاءَهُ ۚ إِنْ أَوْلِيَاؤُهُ إِلَّا الْمُتَّقُونَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ34

সিহঁতৰ কি হ’ল, কিয় আল্লাহে সিহঁতক শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰিছে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
8:35জুজ 9 · পৃ. 181

وَمَا كَانَ صَلَاتُهُمْ عِنْدَ الْبَيْتِ إِلَّا مُكَاءً وَتَصْدِيَةً ۚ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ35

আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰী কৰিছিলা।
8:36জুজ 9 · পৃ. 181

إِنَّ الَّذِينَ كَفَرُوا يُنْفِقُونَ أَمْوَالَهُمْ لِيَصُدُّوا عَنْ سَبِيلِ اللَّهِ ۚ فَسَيُنْفِقُونَهَا ثُمَّ تَكُونُ عَلَيْهِمْ حَسْرَةً ثُمَّ يُغْلَبُونَ ۗ وَالَّذِينَ كَفَرُوا إِلَىٰ جَهَنَّمَ يُحْشَرُونَ36

নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, অচিৰেই সিহঁতে সেয়া ব্যয় কৰিব, তাৰ পিছত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।
8:37জুজ 9 · পৃ. 181

لِيَمِيزَ اللَّهُ الْخَبِيثَ مِنَ الطَّيِّبِ وَيَجْعَلَ الْخَبِيثَ بَعْضَهُ عَلَىٰ بَعْضٍ فَيَرْكُمَهُ جَمِيعًا فَيَجْعَلَهُ فِي جَهَنَّمَ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ37

যাতে আল্লাহে অপৱিত্ৰবোৰক পৱিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপৱিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোবোৰ স্তূপ কৰিব, তাৰ পিছত সেয়া জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই ক্ষতিগ্ৰস্ত।
8:38জুজ 9 · পৃ. 181

قُلْ لِلَّذِينَ كَفَرُوا إِنْ يَنْتَهُوا يُغْفَرْ لَهُمْ مَا قَدْ سَلَفَ وَإِنْ يَعُودُوا فَقَدْ مَضَتْ سُنَّتُ الْأَوَّلِينَ38

যিসকলে কুফৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফৰী) পৰিহাৰ কৰে তেন্তে আগতে যি হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।
8:39জুজ 9 · পৃ. 181

وَقَاتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ الدِّينُ كُلُّهُ لِلَّهِ ۚ فَإِنِ انْتَهَوْا فَإِنَّ اللَّهَ بِمَا يَعْمَلُونَ بَصِيرٌ39

আৰু তোমালোকে ফিতনাৰ অৱসান নঘটা লৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা আৰু দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে নোহোৱা লৈকে। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
8:40জুজ 9 · পৃ. 181

وَإِنْ تَوَلَّوْا فَاعْلَمُوا أَنَّ اللَّهَ مَوْلَاكُمْ ۚ نِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ40

আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা, আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।
8:41জুজ 10 · পৃ. 182

۞ وَاعْلَمُوا أَنَّمَا غَنِمْتُمْ مِنْ شَيْءٍ فَأَنَّ لِلَّهِ خُمُسَهُ وَلِلرَّسُولِ وَلِذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَابْنِ السَّبِيلِ إِنْ كُنْتُمْ آمَنْتُمْ بِاللَّهِ وَمَا أَنْزَلْنَا عَلَىٰ عَبْدِنَا يَوْمَ الْفُرْقَانِ يَوْمَ الْتَقَى الْجَمْعَانِ ۗ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ41

আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
8:42জুজ 10 · পৃ. 182

إِذْ أَنْتُمْ بِالْعُدْوَةِ الدُّنْيَا وَهُمْ بِالْعُدْوَةِ الْقُصْوَىٰ وَالرَّكْبُ أَسْفَلَ مِنْكُمْ ۚ وَلَوْ تَوَاعَدْتُمْ لَاخْتَلَفْتُمْ فِي الْمِيعَادِ ۙ وَلَٰكِنْ لِيَقْضِيَ اللَّهُ أَمْرًا كَانَ مَفْعُولًا لِيَهْلِكَ مَنْ هَلَكَ عَنْ بَيِّنَةٍ وَيَحْيَىٰ مَنْ حَيَّ عَنْ بَيِّنَةٍ ۗ وَإِنَّ اللَّهَ لَسَمِيعٌ عَلِيمٌ42

স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত। যদি তোমালোকে পৰস্পৰে যুদ্ধ সম্পৰ্কে কোনো পূৰ্বসিদ্ধান্তত থাকিলাহেঁতেন তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন। কিন্তু যি ঘটিবলগীয়া আছিল, আল্লাহে সেয়া সম্পন্ন কৰিলে, যাতে যিয়ে ধ্বংস হ’ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে; আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
8:43জুজ 10 · পৃ. 182

إِذْ يُرِيكَهُمُ اللَّهُ فِي مَنَامِكَ قَلِيلًا ۖ وَلَوْ أَرَاكَهُمْ كَثِيرًا لَفَشِلْتُمْ وَلَتَنَازَعْتُمْ فِي الْأَمْرِ وَلَٰكِنَّ اللَّهَ سَلَّمَ ۗ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ43

আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমাক সপোনত দেখুৱাইছিল যে, সিহঁত সংখ্যাত তাকৰ; যদি তোমাক দেখুৱালেহেঁতেন যে, সিহঁত সংখ্যাত বেছি তেন্তে অৱশ্যে তোমালোকে সাহস হেৰুৱালাহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলাহেঁতেন। কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।
8:44জুজ 10 · পৃ. 182

وَإِذْ يُرِيكُمُوهُمْ إِذِ الْتَقَيْتُمْ فِي أَعْيُنِكُمْ قَلِيلًا وَيُقَلِّلُكُمْ فِي أَعْيُنِهِمْ لِيَقْضِيَ اللَّهُ أَمْرًا كَانَ مَفْعُولًا ۗ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ44

আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ সিহঁতক তোমালোকৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল আৰু তোমালোককো সিহঁতৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল, যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল। শেষত সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয়।
8:45জুজ 10 · পৃ. 182

يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا لَقِيتُمْ فِئَةً فَاثْبُتُوا وَاذْكُرُوا اللَّهَ كَثِيرًا لَعَلَّكُمْ تُفْلِحُونَ45

হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা।
8:46জুজ 10 · পৃ. 183

وَأَطِيعُوا اللَّهَ وَرَسُولَهُ وَلَا تَنَازَعُوا فَتَفْشَلُوا وَتَذْهَبَ رِيحُكُمْ ۖ وَاصْبِرُوا ۚ إِنَّ اللَّهَ مَعَ الصَّابِرِينَ46

আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু নিজৰ মাজতে বিবাদ নকৰিবা, এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি-সামৰ্থ বিলুপ্ত হ’ব। তোমালোকে ধৈৰ্য ধাৰণ কৰা; নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।
8:47জুজ 10 · পৃ. 183

وَلَا تَكُونُوا كَالَّذِينَ خَرَجُوا مِنْ دِيَارِهِمْ بَطَرًا وَرِئَاءَ النَّاسِ وَيَصُدُّونَ عَنْ سَبِيلِ اللَّهِ ۚ وَاللَّهُ بِمَا يَعْمَلُونَ مُحِيطٌ47

আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে নিজ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছে আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। কিন্তু সিহঁতে যি কৰে আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।
8:48জুজ 10 · পৃ. 183

وَإِذْ زَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْيَوْمَ مِنَ النَّاسِ وَإِنِّي جَارٌ لَكُمْ ۖ فَلَمَّا تَرَاءَتِ الْفِئَتَانِ نَكَصَ عَلَىٰ عَقِبَيْهِ وَقَالَ إِنِّي بَرِيءٌ مِنْكُمْ إِنِّي أَرَىٰ مَا لَا تَرَوْنَ إِنِّي أَخَافُ اللَّهَ ۚ وَاللَّهُ شَدِيدُ الْعِقَابِ48

আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোকিলে আৰু ক’লে, ‘নিশ্চয় মই তোমালোকৰ পৰা সম্পৰ্কমুক্ত, নিশ্চয় মই এনেকুৱা কিবা দেখি আছো যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰো’, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
8:49জুজ 10 · পৃ. 183

إِذْ يَقُولُ الْمُنَافِقُونَ وَالَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ غَرَّ هَٰؤُلَاءِ دِينُهُمْ ۗ وَمَنْ يَتَوَكَّلْ عَلَى اللَّهِ فَإِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ49

স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে কৈছিল, ‘এওঁলোকৰ দ্বীনে এওঁলোকক বিভ্ৰান্ত কৰিছে’। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিব তেন্তে নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰান্ত, প্ৰজ্ঞাময়।
8:50জুজ 10 · পৃ. 183

وَلَوْ تَرَىٰ إِذْ يَتَوَفَّى الَّذِينَ كَفَرُوا ۙ الْمَلَائِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَارَهُمْ وَذُوقُوا عَذَابَ الْحَرِيقِ50

আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।
8:51জুজ 10 · পৃ. 183

ذَٰلِكَ بِمَا قَدَّمَتْ أَيْدِيكُمْ وَأَنَّ اللَّهَ لَيْسَ بِظَلَّامٍ لِلْعَبِيدِ51

এয়া তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে।
8:52জুজ 10 · পৃ. 183

كَدَأْبِ آلِ فِرْعَوْنَ ۙ وَالَّذِينَ مِنْ قَبْلِهِمْ ۚ كَفَرُوا بِآيَاتِ اللَّهِ فَأَخَذَهُمُ اللَّهُ بِذُنُوبِهِمْ ۗ إِنَّ اللَّهَ قَوِيٌّ شَدِيدُ الْعِقَابِ52

ফিৰআউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে; ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তি দানত অতি কঠোৰ।
8:53জুজ 10 · পৃ. 184

ذَٰلِكَ بِأَنَّ اللَّهَ لَمْ يَكُ مُغَيِّرًا نِعْمَةً أَنْعَمَهَا عَلَىٰ قَوْمٍ حَتَّىٰ يُغَيِّرُوا مَا بِأَنْفُسِهِمْ ۙ وَأَنَّ اللَّهَ سَمِيعٌ عَلِيمٌ53

এইটো এই বাবে যে, যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিবৰ্তন নিজে নকৰে তেন্তে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতক যি নিয়ামত দান কৰিছে তাত কোনো পৰিবৰ্তন আনিব; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
8:54জুজ 10 · পৃ. 184

كَدَأْبِ آلِ فِرْعَوْنَ ۙ وَالَّذِينَ مِنْ قَبْلِهِمْ ۚ كَذَّبُوا بِآيَاتِ رَبِّهِمْ فَأَهْلَكْنَاهُمْ بِذُنُوبِهِمْ وَأَغْرَقْنَا آلَ فِرْعَوْنَ ۚ وَكُلٌّ كَانُوا ظَالِمِينَ54

ফিৰআউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে ইহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছো আৰু ফিৰআউনৰ বংশধৰসকলক ডুবাই মাৰিছো; আৰু সিহঁত আটায়ে আছিল যালিম।
8:55জুজ 10 · পৃ. 184

إِنَّ شَرَّ الدَّوَابِّ عِنْدَ اللَّهِ الَّذِينَ كَفَرُوا فَهُمْ لَا يُؤْمِنُونَ55

নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে, যিসকলে কুফৰী কৰিছে। সেয়ে সিহঁত ঈমান পোষণ নকৰিব।
8:56জুজ 10 · পৃ. 184

الَّذِينَ عَاهَدْتَ مِنْهُمْ ثُمَّ يَنْقُضُونَ عَهْدَهُمْ فِي كُلِّ مَرَّةٍ وَهُمْ لَا يَتَّقُونَ56

যিসকলৰ পৰা তুমি অঙ্গীকাৰ লৈছা, তাৰ পিছতো সিহঁতে বাৰে বাৰে সিহঁতৰ অঙ্গীকাৰ ভঙ্গ কৰে, আৰু সিহঁতে তাক্বৱা অৱলম্বন নকৰে।
8:57জুজ 10 · পৃ. 184

فَإِمَّا تَثْقَفَنَّهُمْ فِي الْحَرْبِ فَشَرِّدْ بِهِمْ مَنْ خَلْفَهُمْ لَعَلَّهُمْ يَذَّكَّرُونَ57

এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজ আয়ত্তত কৰিব পাৰা তেন্তে সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰি সিহঁতৰ পিছফালে যিসকল আছে সিহঁতক ছত্ৰভঙ্গ কৰি দিয়া, যাতে সিহঁতে শিক্ষা লাভ কৰে।
8:58জুজ 10 · পৃ. 184

وَإِمَّا تَخَافَنَّ مِنْ قَوْمٍ خِيَانَةً فَانْبِذْ إِلَيْهِمْ عَلَىٰ سَوَاءٍ ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْخَائِنِينَ58

আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভঙ্গৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে চুক্তি ভঙ্গকাৰীসকলক পছন্দ নকৰে।
8:59জুজ 10 · পৃ. 184

وَلَا يَحْسَبَنَّ الَّذِينَ كَفَرُوا سَبَقُوا ۚ إِنَّهُمْ لَا يُعْجِزُونَ59

আৰু কাফিৰসকলে যেন এইটো কেতিয়াও নাভাৱে যে, সিহঁতে আয়ত্বৰ বাহিৰত গুচি গৈছে; নিশ্চয় সিহঁতে (আল্লাহক) অপাৰগ কৰিবলৈ সক্ষম নহয়।
8:60জুজ 10 · পৃ. 184

وَأَعِدُّوا لَهُمْ مَا اسْتَطَعْتُمْ مِنْ قُوَّةٍ وَمِنْ رِبَاطِ الْخَيْلِ تُرْهِبُونَ بِهِ عَدُوَّ اللَّهِ وَعَدُوَّكُمْ وَآخَرِينَ مِنْ دُونِهِمْ لَا تَعْلَمُونَهُمُ اللَّهُ يَعْلَمُهُمْ ۚ وَمَا تُنْفِقُوا مِنْ شَيْءٍ فِي سَبِيلِ اللَّهِ يُوَفَّ إِلَيْكُمْ وَأَنْتُمْ لَا تُظْلَمُونَ60

আৰু তোমালোকে সিহঁতৰ মুকাবিলাৰ বাবে যথাসাধ্য শক্তি-সামৰ্থ আৰু অশ্ব-বাহিনী প্ৰস্তুত কৰা, যিটোৰ দ্বাৰা তোমালোকে ভীত-সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক লগতে ইয়াৰ বাহিৰেও আন আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা, কিন্তু আল্লাহে সিহঁতক জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ’ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
8:61জুজ 10 · পৃ. 184

۞ وَإِنْ جَنَحُوا لِلسَّلْمِ فَاجْنَحْ لَهَا وَتَوَكَّلْ عَلَى اللَّهِ ۚ إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ61

আৰু সিহঁতে যদি (শান্তি স্থাপনৰ বাবে) সন্ধিৰ পিনে ঢাল খায় তেন্তে তুমিও তাৰ বাবে আগ্ৰহী হ’বা আৰু আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিবা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
8:62জুজ 10 · পৃ. 185

وَإِنْ يُرِيدُوا أَنْ يَخْدَعُوكَ فَإِنَّ حَسْبَكَ اللَّهُ ۚ هُوَ الَّذِي أَيَّدَكَ بِنَصْرِهِ وَبِالْمُؤْمِنِينَ62

আৰু যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।
8:63জুজ 10 · পৃ. 185

وَأَلَّفَ بَيْنَ قُلُوبِهِمْ ۚ لَوْ أَنْفَقْتَ مَا فِي الْأَرْضِ جَمِيعًا مَا أَلَّفْتَ بَيْنَ قُلُوبِهِمْ وَلَٰكِنَّ اللَّهَ أَلَّفَ بَيْنَهُمْ ۚ إِنَّهُ عَزِيزٌ حَكِيمٌ63

আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
8:64জুজ 10 · পৃ. 185

يَا أَيُّهَا النَّبِيُّ حَسْبُكَ اللَّهُ وَمَنِ اتَّبَعَكَ مِنَ الْمُؤْمِنِينَ64

হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।
8:65জুজ 10 · পৃ. 185

يَا أَيُّهَا النَّبِيُّ حَرِّضِ الْمُؤْمِنِينَ عَلَى الْقِتَالِ ۚ إِنْ يَكُنْ مِنْكُمْ عِشْرُونَ صَابِرُونَ يَغْلِبُوا مِائَتَيْنِ ۚ وَإِنْ يَكُنْ مِنْكُمْ مِائَةٌ يَغْلِبُوا أَلْفًا مِنَ الَّذِينَ كَفَرُوا بِأَنَّهُمْ قَوْمٌ لَا يَفْقَهُونَ65

হে নবী! তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা, তোমালোকৰ মাজৰ বিশজন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ এশ জনে এহেজাৰ কাফিৰৰ ওপৰত বিজয়ী লাভ কৰিব। কাৰণ সিহঁত (কাফিৰসকল) এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধ শক্তি নাই।
8:66জুজ 10 · পৃ. 185

الْآنَ خَفَّفَ اللَّهُ عَنْكُمْ وَعَلِمَ أَنَّ فِيكُمْ ضَعْفًا ۚ فَإِنْ يَكُنْ مِنْكُمْ مِائَةٌ صَابِرَةٌ يَغْلِبُوا مِائَتَيْنِ ۚ وَإِنْ يَكُنْ مِنْكُمْ أَلْفٌ يَغْلِبُوا أَلْفَيْنِ بِإِذْنِ اللَّهِ ۗ وَاللَّهُ مَعَ الصَّابِرِينَ66

আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিলে আৰু তেওঁ অৱগত যে, তোমালোকৰ মাজত দুৰ্বলতা আছে, সেয়ে তোমালোকৰ মাজৰ এশ জন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনৰ ওপৰত বিজয়ী লাভ কৰিব, আৰু তোমালোকৰ মাজত এহেজাৰ থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে দুহেজাৰৰ ওপৰত বিজয়ী লাভ কৰিব। আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।
8:67জুজ 10 · পৃ. 185

مَا كَانَ لِنَبِيٍّ أَنْ يَكُونَ لَهُ أَسْرَىٰ حَتَّىٰ يُثْخِنَ فِي الْأَرْضِ ۚ تُرِيدُونَ عَرَضَ الدُّنْيَا وَاللَّهُ يُرِيدُ الْآخِرَةَ ۗ وَاللَّهُ عَزِيزٌ حَكِيمٌ67

পৃথিৱীত সম্পূৰ্ণৰূপে শত্ৰুক উচ্ছন্ন নকৰা লৈকে যুদ্ধবন্দী ৰখাটো কোনো নবীৰ বাবেই সংগত নহয়। তোমালোকে কামনা কৰা পাৰ্থিৱ সম্পদ কিন্তু আল্লাহে বিচাৰে আখিৰাত; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
8:68জুজ 10 · পৃ. 185

لَوْلَا كِتَابٌ مِنَ اللَّهِ سَبَقَ لَمَسَّكُمْ فِيمَا أَخَذْتُمْ عَذَابٌ عَظِيمٌ68

আল্লাহৰ পূৰ্ব বিধান নাথাকিলে তোমালোকে যি গ্ৰহণ কৰিছা সেই কাৰণে তোমালোকৰ ওপৰত মহাশাস্তি আপতিত হ’লেহেঁতেন।
8:69জুজ 10 · পৃ. 185

فَكُلُوا مِمَّا غَنِمْتُمْ حَلَالًا طَيِّبًا ۚ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ69

এতেকে তোমালোকে যি গনীমত লাভ কৰিছা সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
8:70জুজ 10 · পৃ. 186

يَا أَيُّهَا النَّبِيُّ قُلْ لِمَنْ فِي أَيْدِيكُمْ مِنَ الْأَسْرَىٰ إِنْ يَعْلَمِ اللَّهُ فِي قُلُوبِكُمْ خَيْرًا يُؤْتِكُمْ خَيْرًا مِمَّا أُخِذَ مِنْكُمْ وَيَغْفِرْ لَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ70

হে নবী! তোমালোকৰ কৰায়ত্ত যুদ্ধবন্দীসকলক কোৱা, ‘আল্লাহে যদি তোমালোকৰ হৃদয়ত ভাল কিবা দেখে তেন্তে তোমালোকৰ পৰা যি লোৱা হৈছে তাতকৈয়ো উত্তম কিবা তেওঁ তোমালোকক প্ৰদান কৰিব আৰু তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।
8:71জুজ 10 · পৃ. 186

وَإِنْ يُرِيدُوا خِيَانَتَكَ فَقَدْ خَانُوا اللَّهَ مِنْ قَبْلُ فَأَمْكَنَ مِنْهُمْ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ71

আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে, তেন্তে (জানি থোৱা) সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে; তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত (তোমাক) শক্তিশালী কৰিছে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
8:72জুজ 10 · পৃ. 186

إِنَّ الَّذِينَ آمَنُوا وَهَاجَرُوا وَجَاهَدُوا بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ فِي سَبِيلِ اللَّهِ وَالَّذِينَ آوَوْا وَنَصَرُوا أُولَٰئِكَ بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۚ وَالَّذِينَ آمَنُوا وَلَمْ يُهَاجِرُوا مَا لَكُمْ مِنْ وَلَايَتِهِمْ مِنْ شَيْءٍ حَتَّىٰ يُهَاجِرُوا ۚ وَإِنِ اسْتَنْصَرُوكُمْ فِي الدِّينِ فَعَلَيْكُمُ النَّصْرُ إِلَّا عَلَىٰ قَوْمٍ بَيْنَكُمْ وَبَيْنَهُمْ مِيثَاقٌ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ72

নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰা লৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰা তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
8:73জুজ 10 · পৃ. 186

وَالَّذِينَ كَفَرُوا بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۚ إِلَّا تَفْعَلُوهُ تَكُنْ فِتْنَةٌ فِي الْأَرْضِ وَفَسَادٌ كَبِيرٌ73

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয় দেখা দিব।
8:74জুজ 10 · পৃ. 186

وَالَّذِينَ آمَنُوا وَهَاجَرُوا وَجَاهَدُوا فِي سَبِيلِ اللَّهِ وَالَّذِينَ آوَوْا وَنَصَرُوا أُولَٰئِكَ هُمُ الْمُؤْمِنُونَ حَقًّا ۚ لَهُمْ مَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ74

আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
8:75জুজ 10 · পৃ. 186

وَالَّذِينَ آمَنُوا مِنْ بَعْدُ وَهَاجَرُوا وَجَاهَدُوا مَعَكُمْ فَأُولَٰئِكَ مِنْكُمْ ۚ وَأُولُو الْأَرْحَامِ بَعْضُهُمْ أَوْلَىٰ بِبَعْضٍ فِي كِتَابِ اللَّهِ ۗ إِنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ75

আৰু যিসকলে পিছত ঈমান আনিছে, হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি জিহাদ কৰিছে সিহঁতেও তোমালোকৰ অন্তৰ্ভুক্ত আৰু আত্মীয়সকল আল্লাহৰ বিধানত ইজনে সিজনৰ বেছি হক্বদাৰ। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক