ছূৰা 8 · জুজ 10
Al-Anfal · 8:48
وَإِذْ زَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْيَوْمَ مِنَ النَّاسِ وَإِنِّي جَارٌ لَكُمْ ۖ فَلَمَّا تَرَاءَتِ الْفِئَتَانِ نَكَصَ عَلَىٰ عَقِبَيْهِ وَقَالَ إِنِّي بَرِيءٌ مِنْكُمْ إِنِّي أَرَىٰ مَا لَا تَرَوْنَ إِنِّي أَخَافُ اللَّهَ ۚ وَاللَّهُ شَدِيدُ الْعِقَابِ
আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোকিলে আৰু ক’লে, ‘নিশ্চয় মই তোমালোকৰ পৰা সম্পৰ্কমুক্ত, নিশ্চয় মই এনেকুৱা কিবা দেখি আছো যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰো’, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
তাফছীৰ
হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা, যেতিয়া চয়তানে মুশ্বৰিকসকলৰ বাবে সিহঁতৰ কৰ্মক সৌন্দৰ্যময় কৰি দিছিল, আৰু সিহঁতক মুছলিমসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰেৰণা দি কৈছিল যে, আজি তোমালোকক কোনেও পৰাজিত কৰিব নোৱাৰে। মই তোমালোকৰ সহায়ক, তোমালোকক শত্ৰুৰ পৰা ৰক্ষা কৰিম। এতেকে যেতিয়া উভয় দল মুখামুখি হ'ল, এফালে মুমিনসকল আছিল, তেওঁলোকক সহায় কৰিবলৈ ফিৰিস্তাসকল উপস্থিত আছিল, আনফালে আছিল মুশ্বৰিকসকলৰ দল, সিহঁতৰ লগত আছিল চয়তান, সি অচিৰেই সিহঁতক লাঞ্ছিত কৰিব। ঠিক সেই সময়তে চয়তান সিহঁতক এৰি পলায়ন কৰিলে আৰু মুশ্বৰিকসকলক ক'লেঃ তোমালোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ফিৰিস্তাসকলক দেখি আছো যিসকলে মুমিনসকলক সহায় কৰিবলৈ আহিছে। এতেকে মোৰ আশংকা হৈছে, আল্লাহে মোক ধ্বংস কৰিব পাৰে। কিয়নো আল্লাহ বৰ কঠোৰ শাস্তি প্ৰদানকাৰী। সেয়ে তেওঁৰ শাস্তি কোনেও সহ্য কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক