ছূৰা 8 · জুজ 9
Al-Anfal · 8:23
وَلَوْ عَلِمَ اللَّهُ فِيهِمْ خَيْرًا لَأَسْمَعَهُمْ ۖ وَلَوْ أَسْمَعَهُمْ لَتَوَلَّوْا وَهُمْ مُعْرِضُونَ
আৰু আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।
তাফছীৰ
আল্লাহে এইসকল মুশ্বৰিকৰ মাজত যদি অলপো কল্যাণ দেখা পালেহেঁতেন তেন্তে সিহঁতক এনেকৈ শুনোৱালেহেঁতেন যে, সিহঁত উপকৃত হব পাৰিলেহেঁতেন। আৰু তেওঁৰ যুক্তি প্ৰমাণসমূহ বুজিব পাৰিলেহঁতেন। কিন্তু তেওঁ জানে যে, সিহঁতৰ মাজত কোনো কল্যাণ নাই। ধৰা হল আল্লাহে সিহঁতক শুনালে, তথাপিও সিহঁতে বিদ্বেষ আৰু দুষ্টামিৰ ফলত ঈমানৰ পৰা মুখ ঘূৰাই ল’লেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক