ছূৰা 8 · জুজ 10

Al-Anfal · 8:41

۞ وَاعْلَمُوا أَنَّمَا غَنِمْتُمْ مِنْ شَيْءٍ فَأَنَّ لِلَّهِ خُمُسَهُ وَلِلرَّسُولِ وَلِذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَابْنِ السَّبِيلِ إِنْ كُنْتُمْ آمَنْتُمْ بِاللَّهِ وَمَا أَنْزَلْنَا عَلَىٰ عَبْدِنَا يَوْمَ الْفُرْقَانِ يَوْمَ الْتَقَى الْجَمْعَانِ ۗ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

তাফছীৰ

হে মুমিনসকল! জানি থোৱা যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰি কাফিৰসকলৰ পৰা লাভ কৰা সম্পদক পাঁচ ভাগত বিভক্ত কৰা হ'ব। তাৰে চাৰি ভাগ মুজাহিদসকলৰ মাজত বন্টন কৰা হ'ব, আনহাতে বাকী থকা ভাগটোক আকৌ পাঁচ ভাগত ভাগ কৰা হ'ব। এটা ভাগ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে, যিটো সৰ্বসাধাৰণ মুছলিমৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ব। তথা এটা ভাগ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটাত্মীয়সকলৰ মাজত বন্টন কৰা হ'ব, অৰ্থাৎ হাশ্বিমৰ বংশধৰ আৰু মুত্তালিবৰ বংশধৰসকলৰ মাজত। এটা ভাগ অনাথসকলৰ বাবে, এটা ভাগ দৰিদ্ৰসকলৰ বাবে আৰু এটা ভাগ এনেকুৱা ভ্ৰমণকাৰীসকলৰ বাবে, যিসকলে ভ্ৰমণত গৈ আৱদ্ধ হৈ আছে, আৰ্থিক অভাৱত ঘৰলৈ ওভতিব পৰা নাই। যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু সেই সহায়ৰ প্ৰতি বিশ্বাস পোষণ কৰা, যিটো আমি আমাৰ বান্দা মুহাম্মদৰ ওপৰত বদৰৰ সেই নিৰ্ণায়ক দিনা অৱতীৰ্ণ কৰিছিলো, যিদিনা আল্লাহে তোমালোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি সত্য আৰু সত্যৰ মাজত নিৰ্ণয় কৰি দিছিল। সেইজন আল্লাহ, যিয়ে তোমালোকক সহায় কৰিছে, তেওঁ সকলো বিষয়ত সামৰ্থৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক