ছূৰা 8 · জুজ 9

Al-Anfal · 8:7

وَإِذْ يَعِدُكُمُ اللَّهُ إِحْدَى الطَّائِفَتَيْنِ أَنَّهَا لَكُمْ وَتَوَدُّونَ أَنَّ غَيْرَ ذَاتِ الشَّوْكَةِ تَكُونُ لَكُمْ وَيُرِيدُ اللَّهُ أَنْ يُحِقَّ الْحَقَّ بِكَلِمَاتِهِ وَيَقْطَعَ دَابِرَ الْكَافِرِينَ

আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হব, অথচ তোমালোকে বিচাৰিছিলা যে, অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওঁক, কিন্তু আল্লাহে বিচাৰিছিল সত্যক তেওঁৰ বাণীৰ দ্বাৰা প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব।

তাফছীৰ

হে বাদানুবাদকাৰী মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, মুশ্বৰিকসকলৰ দুটা দলৰ যিকোনো এটা দলৰ ওপৰত তোমালোকে বিজয় লাভ কৰিবা। এটা হব যাত্ৰীদল, তাত থকা সা-সম্পত্তিৰ তোমালোকে গনিমতস্বৰূপে লাভ কৰিবা। আনহাতে আনটো হ'ব সংগ্ৰামী দল, যিসকলৰ লগত যুদ্ধ কৰি তোমালোক বিজয়প্ৰাপ্ত হ'বা। যদিও তোমালোকে বিচাৰিছিলা যাতে যাত্ৰীদলৰ সন্মুখীন হোৱা, কিয়নো সেইটোক সহজতে যুদ্ধ নোহোৱাকৈ নিজৰ নিয়ন্ত্ৰণত লব পৰা যাব। কিন্তু আল্লাহে বিচাৰিছিল তোমালোকক যুদ্ধৰ যি আদেশ দিয়া হৈছিল সেইটো বাস্তৱায়িত হওঁক। আৰু তোমালোকে মুশ্বৰিকসকলৰ নেতৃবৰ্গক হত্যা কৰিব পাৰা। আৰু সিহঁতৰ মাজৰ বহুতক বন্দী বনাই লোৱা যাতে ইছলামৰ শক্তি প্ৰকাশ্যভাৱে প্ৰতিষ্ঠা হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক