ছূৰা 8 · জুজ 9
Al-Anfal · 8:10
وَمَا جَعَلَهُ اللَّهُ إِلَّا بُشْرَىٰ وَلِتَطْمَئِنَّ بِهِ قُلُوبُكُمْ ۚ وَمَا النَّصْرُ إِلَّا مِنْ عِنْدِ اللَّهِ ۚ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
আৰু আল্লাহে এইটো কৰিছে কেৱল সুসংবাদস্বৰূপ আৰু যাতে তোমালোকৰ অন্তৰসমূহ ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
হে মুমিনসকল! ফিৰিস্তাৰ জৰিয়তে সহায় প্ৰদানক আল্লাহে তোমালোকৰ বাবে কেৱল সুসংবাদহে দিছে, প্ৰকৃত সহায়ক আল্লাহ নিজেই, তেৱেঁই তোমালোকক শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব। সুসংবাদ এই কাৰণে দিছে যাতে তোমালোকৰ অন্তৰে সন্তুষ্টি তথা প্ৰশান্তি লাভ কৰে, লগতে এই বিশ্বাস পুৰঠ হৈ উঠে যে, বিজয় সংখ্যা বলৰ ভিত্তিত নহয় বৰং আল্লাহৰ ফালৰ পৰা লাভ হয়। নিশ্চয় আল্লাহ ৰাজত্ব সঞ্চালনত প্ৰভূত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক