ছূৰা 8 · জুজ 9

Al-Anfal · 8:11

إِذْ يُغَشِّيكُمُ النُّعَاسَ أَمَنَةً مِنْهُ وَيُنَزِّلُ عَلَيْكُمْ مِنَ السَّمَاءِ مَاءً لِيُطَهِّرَكُمْ بِهِ وَيُذْهِبَ عَنْكُمْ رِجْزَ الشَّيْطَانِ وَلِيَرْبِطَ عَلَىٰ قُلُوبِكُمْ وَيُثَبِّتَ بِهِ الْأَقْدَامَ

স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।

তাফছীৰ

হে মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক শত্ৰুৰ ভয়ৰ পৰা নিশ্চিন্ত কৰিবলৈ তোমালোকৰ ওপৰত কলাঘুমটি বিস্তাৰ কৰিছিল। লগতে তোমালোকক মলিনতাৰ পৰা পৱিত্ৰ কৰিবলৈ তোমালোকৰ ওপৰত বৰষুণ বৰ্ষাইছিল। যাতে তোমালোকৰ অন্তৰৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰিভূত কৰিব পাৰে। লগতে যাতে তোমালোকৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰে আৰু মুকাবিলাৰ সময়ত তোমালোকৰ শৰীৰ অটল থাকে। আৰু তোমালোকৰ ভৰি যাতে দৃঢ় হৈ থাকে, যাতে বালিময় মাটিত তোমালোকৰ ভৰি পুত নাখায়। বৰষুণৰ জৰিয়তে সেই মাটিক জমাই দিয়া হৈছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক