ছূৰা 8 · জুজ 9
Al-Anfal · 8:2
إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ آيَاتُهُ زَادَتْهُمْ إِيمَانًا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।
তাফছীৰ
বাস্তৱতে প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ বৰ্ণনা শুনিলে তেওঁলোকৰ অন্তৰ কপি উঠে। তেওঁলোকৰ অন্তৰ আৰু শৰীৰ আনুগত্যৰ পিনে আকৰ্ষিত হয়। যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে সেই বিষয়ে চিন্তা চৰ্চা কৰে, লগতে তেওঁলোকৰ ঈমান বৃদ্ধি হয়। কল্যাণ পাবলৈ আৰু অকল্যাণ দূৰ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক