ছূৰা 8 · জুজ 9

Al-Anfal · 8:29

يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ تَتَّقُوا اللَّهَ يَجْعَلْ لَكُمْ فُرْقَانًا وَيُكَفِّرْ عَنْكُمْ سَيِّئَاتِكُمْ وَيَغْفِرْ لَكُمْ ۗ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ

হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ হৈছে মহা কল্যাণৰ অধিকাৰী।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! মনত ৰাখিবা, যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব। ফলত তোমালোকৰ বাবে এই দুয়োৰ মাজত পাৰ্থক্য কৰাত অসুবিধা নহব। তোমালোকৰ বেয়া কৰ্মসমূহ মচি দিব আৰু তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিব। নিশ্চয় আল্লাহ অতি অনুগ্ৰহশীল। তেওঁৰ মহানুগ্ৰহ সমূহৰ অন্যতম হৈছে জান্নাত, যিটো তেওঁ নিজৰ মুত্তাক্বী বান্দাসকলৰ বাবে প্ৰস্তুত কৰি থৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক