ছূৰা 8 · জুজ 10
Al-Anfal · 8:44
وَإِذْ يُرِيكُمُوهُمْ إِذِ الْتَقَيْتُمْ فِي أَعْيُنِكُمْ قَلِيلًا وَيُقَلِّلُكُمْ فِي أَعْيُنِهِمْ لِيَقْضِيَ اللَّهُ أَمْرًا كَانَ مَفْعُولًا ۗ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ সিহঁতক তোমালোকৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল আৰু তোমালোককো সিহঁতৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল, যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল। শেষত সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয়।
তাফছীৰ
তথা হে মুমিনসকল! সেই সময়টোক স্মৰণ কৰা, মুকাবিলাৰ সময়ত আল্লাহে যেতিয়া তোমালোকৰ চকুত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল। ফলত তোমালোক যুদ্ধৰ বাবে সাজু হৈছিলা, আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক কমকৈ দেখুৱা হৈছিল, ফলত সিহঁতেও তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগুৱাই আহিল আৰু সিহঁত এবাৰো পিছুৱাবলৈ চিন্তা নকৰিলে, যাতে আল্লাহে সেই বিষয়টোৰ নিৰ্ণয় কৰি দিয়ে যিটো হোৱা নিশ্চিত আছিল। সেয়া হৈছে মুশ্বৰিকসকলক হত্যা কৰি আৰু বন্দী সজাই প্ৰতিশোধ লোৱা আৰু মুমিনসকলক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি উপকাৰ কৰা। সকলো কৰ্ম আল্লাহৰ পিনেই উভতি যায়, যাতে তেওঁ কুকৰ্মকাৰীক কুকৰ্মৰ প্ৰতিদান দিয়ে আৰু সৎকৰ্মকাৰীক সৎকৰ্মৰ প্ৰতিদান দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক