ছূৰা 8 · জুজ 10
Al-Anfal · 8:73
وَالَّذِينَ كَفَرُوا بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۚ إِلَّا تَفْعَلُوهُ تَكُنْ فِتْنَةٌ فِي الْأَرْضِ وَفَسَادٌ كَبِيرٌ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয় দেখা দিব।
তাফছীৰ
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতক এই অস্বীকাৰ কাৰ্যই একত্ৰিত কৰি ৰাখে। সেয়ে সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে। গতিকে মুমিনসকলে সিহঁতৰ লগত আন্তৰিক বন্ধুত্ব কৰা উচিত নহয়। যদি তোমালোকে মুমিনসকলৰ লগত বন্ধুত্ব আৰু কাফিৰৰ লগত বিদ্বেষ পোষণ নকৰা তেন্তে এইটো মুমিনসকলৰ বাবে ফিত্নাৰ কাৰণ হ'ব। ফলত এনেকুৱা পৰিস্থিতিত কোনো মুছলিম ভায়ে তাক সহায় নকৰিব। আৰু আল্লাহৰ পথত বাধা প্ৰদানৰ এটা ডাঙৰ বিপৰ্যয় সৃষ্টি হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক