ছূৰা 8 · জুজ 10

Al-Anfal · 8:72

إِنَّ الَّذِينَ آمَنُوا وَهَاجَرُوا وَجَاهَدُوا بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ فِي سَبِيلِ اللَّهِ وَالَّذِينَ آوَوْا وَنَصَرُوا أُولَٰئِكَ بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۚ وَالَّذِينَ آمَنُوا وَلَمْ يُهَاجِرُوا مَا لَكُمْ مِنْ وَلَايَتِهِمْ مِنْ شَيْءٍ حَتَّىٰ يُهَاجِرُوا ۚ وَإِنِ اسْتَنْصَرُوكُمْ فِي الدِّينِ فَعَلَيْكُمُ النَّصْرُ إِلَّا عَلَىٰ قَوْمٍ بَيْنَكُمْ وَبَيْنَهُمْ مِيثَاقٌ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ

নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰা লৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰা তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

তাফছীৰ

নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিছে, লগতে কুফুৰী চহৰৰ পৰা ইছলামী চহৰলৈ হিজৰত কৰিছে অথবা এনেকুৱা ঠাইৰ পিনে হিজৰত কৰিছে যত তেওঁলোকে নিৰাপদে আল্লাহৰ ইবাদত কৰিব পাৰিব। লগতে আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে, আৰু সেইসকল লোক যিসকলে তেওঁলোকক নিজৰ ঘৰত ঠাই দিছে আৰু তেওঁলোকক সহায় কৰিছে, তেওঁলোকেই মুহাজিৰ আৰু তেওঁলোকক সহায়কাৰীসকল হৈছে মদীনাবাসী, পৰস্পৰে পৰস্পৰৰ সহায়ক। আনহাতে যিসকলে ঈমান পোষণ কৰিছে কিন্তু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰা নাই, তেওঁলোক যেতিয়ালৈকে হিজৰত নকৰিব তেতিয়ালৈকে হে মুমিনসকল তোমালোকৰ বাবে সিহঁতক সহায় কৰা তথা ৰক্ষা কৰা অনিবাৰ্য নহয়। কিন্তু যদি কাফিৰসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলায় আৰু তেওঁলোকে তোমালোকৰ পৰা সহায় বিচাৰি আবেদন জনায় তেন্তে তেওঁলোকক সহায় কৰিবা। কিন্তু যদি তোমালোকৰ আৰু তেওঁলোকৰ শত্ৰুৰ মাজত যদি কোনো সন্ধি থাকে আৰু সেই সন্ধি সিহঁতে ভঙ্গও কৰা নাই তেন্তে সেয়া সুকীয়া বিষয়। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কাম গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক