ছূৰা 8 · জুজ 10

Al-Anfal · 8:74

وَالَّذِينَ آمَنُوا وَهَاجَرُوا وَجَاهَدُوا فِي سَبِيلِ اللَّهِ وَالَّذِينَ آوَوْا وَنَصَرُوا أُولَٰئِكَ هُمُ الْمُؤْمِنُونَ حَقًّا ۚ لَهُمْ مَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ

আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।

তাফছীৰ

তথা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁৰ পথত হিজৰত কৰিছে, তথা যিসকলে মুহাজিৰসকলক আশ্ৰয় দিছে আৰু সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে প্ৰতিদান হৈছে গুনাহৰ মাগফিৰাত আৰু আছে উত্তম জীৱিকা অৰ্থাৎ জান্নাত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক