ছূৰা 8 · জুজ 10

Al-Anfal · 8:66

الْآنَ خَفَّفَ اللَّهُ عَنْكُمْ وَعَلِمَ أَنَّ فِيكُمْ ضَعْفًا ۚ فَإِنْ يَكُنْ مِنْكُمْ مِائَةٌ صَابِرَةٌ يَغْلِبُوا مِائَتَيْنِ ۚ وَإِنْ يَكُنْ مِنْكُمْ أَلْفٌ يَغْلِبُوا أَلْفَيْنِ بِإِذْنِ اللَّهِ ۗ وَاللَّهُ مَعَ الصَّابِرِينَ

আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিলে আৰু তেওঁ অৱগত যে, তোমালোকৰ মাজত দুৰ্বলতা আছে, সেয়ে তোমালোকৰ মাজৰ এশ জন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনৰ ওপৰত বিজয়ী লাভ কৰিব, আৰু তোমালোকৰ মাজত এহেজাৰ থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে দুহেজাৰৰ ওপৰত বিজয়ী লাভ কৰিব। আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।

তাফছীৰ

হে মুমিনসকল! এতিয়া আল্লাহে তোমালোকৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ পৰা বোজা লাঘৱ কৰিছে। এতিয়া তেওঁ অনিবাৰ্য কৰিছে তোমালোকৰ এজন ব্যক্তিয়ে সিহঁতৰ দহ জনৰ পৰিবৰ্তে দুজনৰ সন্মুখত দৃঢ়ভাৱে মুকাবিলা কৰিব লাগিব। এতেকে তোমালোকৰ মাজৰ এশ জন ধৈৰ্যশীল ব্যক্তিয়ে সিহঁতৰ দুশ জনক পৰাস্ত কৰিবলৈ সক্ষম। আৰু তোমালোকৰ মাজৰ এহেজাৰ ধৈৰ্যশীল ব্যক্তিয়ে আল্লাহৰ অনুমতিক্ৰমে সিহঁতৰ দুহেজাৰক পৰাস্ত কৰিবলৈ সক্ষম। নিশ্চয় আল্লাহৰ সহায় সমৰ্থন ধৈৰ্যশীল মুমিনৰ লগত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক