ছূৰা 8 · জুজ 9
Al-Anfal · 8:19
إِنْ تَسْتَفْتِحُوا فَقَدْ جَاءَكُمُ الْفَتْحُ ۖ وَإِنْ تَنْتَهُوا فَهُوَ خَيْرٌ لَكُمْ ۖ وَإِنْ تَعُودُوا نَعُدْ وَلَنْ تُغْنِيَ عَنْكُمْ فِئَتُكُمْ شَيْئًا وَلَوْ كَثُرَتْ وَأَنَّ اللَّهَ مَعَ الْمُؤْمِنِينَ
যদি তোমালোকে মীমাংসা বিচাৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। আৰু তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।
তাফছীৰ
হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয়নো তেওঁ তোমালোকক এনেকুৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰদ আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকুৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে কল্যাণ আছে। সম্ভৱতঃ আল্লাহে তোমালোকক অৱকাশ দিব আৰু শাস্তি প্ৰদানত খৰধৰ নকৰিব। আনহাতে পুনৰ যদি তোমালোকে তেনেকুৱা আবেদন তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তিৰ সন্মুখীন কৰাম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায়ক যিমানেই ডাঙৰ নহওঁক কিয়, মুমিনসকল সংখ্যাত কম থকাৰ পিছতো সেইবোৰে তোমালোকৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মুমিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক