ছূৰা 8 · জুজ 9

Al-Anfal · 8:36

إِنَّ الَّذِينَ كَفَرُوا يُنْفِقُونَ أَمْوَالَهُمْ لِيَصُدُّوا عَنْ سَبِيلِ اللَّهِ ۚ فَسَيُنْفِقُونَهَا ثُمَّ تَكُونُ عَلَيْهِمْ حَسْرَةً ثُمَّ يُغْلَبُونَ ۗ وَالَّذِينَ كَفَرُوا إِلَىٰ جَهَنَّمَ يُحْشَرُونَ

নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, অচিৰেই সিহঁতে সেয়া ব্যয় কৰিব, তাৰ পিছত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।

তাফছীৰ

নিশ্চয় যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, সিহঁতে নিজৰ ধন মানুহক আল্লাহৰ পথলৈ অহাত বাধা দিয়াৰ বাবে ব্যয় কৰে। এতেকে সিহঁতে এইদৰেই ব্যয় কৰি থাকিব কিন্তু সিহঁতৰ মনোকামনা পূৰণ নহব। অৱশেষত সিহঁতৰ এই ধন ব্যয় কৰাৰ পৰিণাম পৰিতাপৰ বাহিৰে আন একো নহব। কাৰণ ধনো ব্যয় হল আৰু উপকাৰো নহল। তাৰ পিছত মুছলিমসকলক বিজয় প্ৰদান কৰি সিহঁতক পৰাস্ত কৰা হব। যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, ক্বিয়ামাতৰ দিনা সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হব। তাত সিহঁত প্ৰৱেশ কৰিব আৰু চিৰকাল তাতেই থাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক