ছূৰা 8 · জুজ 10

Al-Anfal · 8:63

وَأَلَّفَ بَيْنَ قُلُوبِهِمْ ۚ لَوْ أَنْفَقْتَ مَا فِي الْأَرْضِ جَمِيعًا مَا أَلَّفْتَ بَيْنَ قُلُوبِهِمْ وَلَٰكِنَّ اللَّهَ أَلَّفَ بَيْنَهُمْ ۚ إِنَّهُ عَزِيزٌ حَكِيمٌ

আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

তাফছীৰ

আৰু যিসকল মুমিনৰ দ্বাৰা আপোনাক সহায় কৰা হৈছে, তেওঁলোকৰ বিস্তৃত অন্তৰসমূহক তেৱেঁই একত্ৰিত কৰিছে। তেওঁলোকৰ অৱস্থা এনেকুৱা আছিল যে, যদি পৃথিৱীৰ সকলো ধন তেওঁলোকৰ অন্তৰসমূহ একত্ৰিত কৰিবলৈ ব্যয় কৰিলেও আপুনি তেওঁলোকৰ অন্তৰক একত্ৰিত কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এই কাম কৰি দেখুৱালে। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক