ছূৰা 8 · জুজ 10

Al-Anfal · 8:69

فَكُلُوا مِمَّا غَنِمْتُمْ حَلَالًا طَيِّبًا ۚ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ

এতেকে তোমালোকে যি গনীমত লাভ কৰিছা সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

হে মুমিনসকল! শত্ৰুৰ পৰা তোমালোকে যি যুদ্ধলব্ধ সম্পদ লাভ কৰিবা, তাৰ পৰা তোমালোকে খোৱা। সেয়া তোমালোকৰ বাবে হালাল। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাকাৰী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক