ছূৰা 8 · জুজ 9

Al-Anfal · 8:16

وَمَنْ يُوَلِّهِمْ يَوْمَئِذٍ دُبُرَهُ إِلَّا مُتَحَرِّفًا لِقِتَالٍ أَوْ مُتَحَيِّزًا إِلَىٰ فِئَةٍ فَقَدْ بَاءَ بِغَضَبٍ مِنَ اللَّهِ وَمَأْوَاهُ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ

আৰু সেই দিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিল আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!

তাফছীৰ

যি ব্যক্তিয়ে পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন কৰিব, কিন্তু যদি উভতি আক্ৰমণ কৰাৰ উদ্দেশ্য থাকে তেন্তে সেইটো সুকীয়া কথা, যেনে- শত্ৰু পক্ষই যাতে ভাৱে যে, তেওঁলোক পলায়ন কৰি আছে, অথচ তেওঁলোক উভতি আক্ৰমণ কৰাৰ কৌশল অৱলম্বন কৰিছে, নাইবা মুছলিমসকলৰ কোনো দলৰ সহায় গ্ৰহণৰ উদ্দেশ্য থাকে, যদি এই দুটা উদ্দেশ্য নাথাকে তেন্তে সেই ব্যক্তি আল্লাহৰ প্ৰকোপ লৈ প্ৰত্যাৱৰ্তন কৰিব আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হ'ব। আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম, তাৰ ঠিকনা আৰু পৰিণাম হ'ব আটাইতকৈ নিকৃষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক