ছূৰা 7 · জুজ 9

Al-A'raf · 7:113

وَجَاءَ السَّحَرَةُ فِرْعَوْنَ قَالُوا إِنَّ لَنَا لَأَجْرًا إِنْ كُنَّا نَحْنُ الْغَالِبِينَ

যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে নাই’?

তাফছীৰ

তাৰ পিছত ফিৰআউনে যাদুকৰসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাহক প্ৰেৰণ কৰিলে। যেতিয়া যাদুকৰসকল ফিৰআউনৰ ওচৰত আহিল, সিহঁতে ফিৰআউনক ক'লেঃ যদি আমি আমাৰ যাদুৰ বলত মূছাৰ ওপৰত বিজয় হ'বলৈ সক্ষম হওঁ তেন্তে আমাৰ বাবে কোনো পুৰষ্কাৰ আছেনে?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক