ছূৰা 7 · জুজ 9
Al-A'raf · 7:202
وَإِخْوَانُهُمْ يَمُدُّونَهُمْ فِي الْغَيِّ ثُمَّ لَا يُقْصِرُونَ
আৰু চয়তানৰ ভাতৃসকলে ভ্ৰষ্টতাত সিহঁতক সহযোগিতা কৰে। এই কামত সিহঁতে অকণো ত্ৰুটি নকৰে।
তাফছীৰ
চয়তানৰ ভাই কাফিৰ আৰু পাপিষ্ঠসকলক, চয়তানে এটাৰ পিছত এটা গুনাহত লিপ্ত কৰি সিহঁতৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে। এই ধাৰাবাহিকতা অন্ত পৰাৰ নামেই নলয়। চয়তানেও প্ৰৱঞ্চনা তথা পথভ্ৰষ্ট কৰা বন্ধ নকৰে আৰু পাপিষ্ঠসকলেও কুকৰ্ম কৰা তথা চয়তানৰ কথা অনুসৰণ কৰা বন্ধ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক