ছূৰা 7 · জুজ 9

Al-A'raf · 7:203

وَإِذَا لَمْ تَأْتِهِمْ بِآيَةٍ قَالُوا لَوْلَا اجْتَبَيْتَهَا ۚ قُلْ إِنَّمَا أَتَّبِعُ مَا يُوحَىٰ إِلَيَّ مِنْ رَبِّي ۚ هَٰذَا بَصَائِرُ مِنْ رَبِّكُمْ وَهُدًى وَرَحْمَةٌ لِقَوْمٍ يُؤْمِنُونَ

তুমি যেতিয়া সিহঁতৰ ওচৰত (সিহঁতে বিচৰা মতে) কোনো আয়াত লৈ নাহা, তেতিয়া সিহঁতে কয়, ‘তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয়’? কোৱা, ‘মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰো। এই কোৰআন তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ; আৰু এইটো ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত’।

তাফছীৰ

হে ৰাছুল! আপুনি যেতিয়া কোনো আয়াত লৈ আহে, তেতিয়া সিহঁতে আপোনাক নসাৎ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয়। আৰু যদি আপুনি কোনো আয়াত লৈ নাহে তেন্তে সিহঁতে কয়ঃ তুমি নিজেই নিজৰ ফালৰ পৰা কোনো আয়াত বনাই নোলোৱা কিয়? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই মোৰ ফালৰ পৰা কোনো আয়াত সৃষ্টি কৰা মোৰ অধিকাৰ নাই। মই কেৱল সেইটোৱে অনুসৰণ কৰো যিটো আল্লাহে মোৰ প্ৰতি অহী কৰে। এই কোৰআন যিটো মই তোমালোকৰ ওচৰত পাঠ কৰি আছো এইটো আল্লাহৰ তৰফৰ পৰা দলিল প্ৰমাণ, যিজন তোমালোকৰ সৃষ্টিকৰ্তা আৰু তোমালোকৰ সকলো কৰ্মৰ পৰিচালক। এই কোৰআন তেওঁৰ মুমিন বান্দাসকলৰ বাবে দয়া তথা পথপ্ৰদৰ্শক। আনহাতে মুমিনসকলৰ বাহিৰে সকলো হৈছে পথভ্ৰষ্ট তথা দুৰ্ভগীয়া।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক