ছূৰা 7 · জুজ 9

Al-A'raf · 7:146

سَأَصْرِفُ عَنْ آيَاتِيَ الَّذِينَ يَتَكَبَّرُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَإِنْ يَرَوْا كُلَّ آيَةٍ لَا يُؤْمِنُوا بِهَا وَإِنْ يَرَوْا سَبِيلَ الرُّشْدِ لَا يَتَّخِذُوهُ سَبِيلًا وَإِنْ يَرَوْا سَبِيلَ الْغَيِّ يَتَّخِذُوهُ سَبِيلًا ۚ ذَٰلِكَ بِأَنَّهُمْ كَذَّبُوا بِآيَاتِنَا وَكَانُوا عَنْهَا غَافِلِينَ

পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এই বাবে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।

তাফছীৰ

মানুহৰ মাজত থকা আৰু বিশ্বজগতৰ প্ৰান্তত থকা মোৰ নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু মোৰ পুথিৰ আয়াতসমূহ বুজিবলৈ মই সেই সকল লোকক বাধা প্ৰদান কৰিম, যিসকলে আল্লাহৰ বান্দাসকলৰ প্ৰতি আৰু সত্যৰ প্ৰতি বিনা কাৰণে অহংকাৰ কৰে। এনেকুৱা স্বভাৱৰ লোকে সকলো প্ৰকাৰ নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব। কাৰণ সিহঁতে সেইবোৰৰ প্ৰতি আপত্তি দৰ্শাব আৰু তাৰ পৰা মুখ ঘূৰাই লব। আৰু এই কাৰণেও যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিদ্বেষ পোষণ কৰে। যদিও সিহঁতে সত্যৰ পথ দেখা পায়, যিটো আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায়, তথাপিও সেইটোত পৰিচালিত নহ'ব। আৰু তাত পৰিচালিত হোৱাৰ আগ্ৰহও প্ৰকাশ নকৰিব। আনহাতে যদি কোনো ভ্ৰান্ত পথ দেখা পায়, যি পথে আল্লাহৰ অসন্তুষ্টিৰ পিনে লৈ যায়, তেনে পথত অবিলম্বে পৰিচালিত হ'ব। এই বিপদ সিহঁতৰ ওপৰত কেৱল এই কাৰণে আহিছে যে, সিহঁতে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, যিবোৰে ৰাছুলে লৈ অহা বাৰ্তাক সত্যায়ন কৰে। লগতে এই কাৰণেও যে, সিহঁতে এই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈয়ো অমনোযোগী আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক