ছূৰা 7 · জুজ 9

Al-A'raf · 7:145

وَكَتَبْنَا لَهُ فِي الْأَلْوَاحِ مِنْ كُلِّ شَيْءٍ مَوْعِظَةً وَتَفْصِيلًا لِكُلِّ شَيْءٍ فَخُذْهَا بِقُوَّةٍ وَأْمُرْ قَوْمَكَ يَأْخُذُوا بِأَحْسَنِهَا ۚ سَأُرِيكُمْ دَارَ الْفَاسِقِينَ

আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছো; গতিকে সেয়া দৃঢ়ভাৱে ধৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰে যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।

তাফছীৰ

আমি মূছাৰ বাবে, কাঠ অথবা এই জাতীয় কিছুমান ফলকত দ্বীন তথা দুনিয়া সম্পৰ্কীয় সেই সকলো বিধি-বিধান লিখি দিছিলো, যিবোৰৰ প্ৰয়োজন বনী ইছৰাঈলৰ আছিল, যাতে শিক্ষা অন্বেষণকাৰী সকলে শিক্ষা লাভ কৰে আৰু যিবোৰ আদেশৰ বিস্তাৰিত বিৱৰণ আৱশ্যক হয় সেইবোৰ পাব পাৰে। এতেকে হে মূছা! এই তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। আৰু তোমাৰ সম্প্ৰদায় বনী ইছৰাঈলক আদেশ দিয়া যে, সিহঁতে যাতে ইয়াত থকা উত্তম বিষয়বোৰ গ্ৰহণ কৰে, যিবোৰৰ প্ৰতিদান বৰ ডাঙৰ। যেনে- পৰিপূৰ্ণৰূপে আদেশ পালন কৰা, ধৈৰ্য ধাৰণ কৰা, ক্ষমা কৰা। অতিশীঘ্ৰে মই তোমালোকক সেই সকল লোকৰ পৰিণাম দেখুৱাম, যিসকলে মোৰ আদেশৰ বিৰুদ্ধাচৰণ কৰিছে, আৰু মোৰ আনুগত্যৰ পৰা ওলাই গৈছে। তথা সিহঁতৰ ধ্বংস আৰু বিনাশৰ দৃশ্যও তোমালোকক দেখুৱাম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক