ছূৰা 7 · জুজ 9
Al-A'raf · 7:89
قَدِ افْتَرَيْنَا عَلَى اللَّهِ كَذِبًا إِنْ عُدْنَا فِي مِلَّتِكُمْ بَعْدَ إِذْ نَجَّانَا اللَّهُ مِنْهَا ۚ وَمَا يَكُونُ لَنَا أَنْ نَعُودَ فِيهَا إِلَّا أَنْ يَشَاءَ اللَّهُ رَبُّنَا ۚ وَسِعَ رَبُّنَا كُلَّ شَيْءٍ عِلْمًا ۚ عَلَى اللَّهِ تَوَكَّلْنَا ۚ رَبَّنَا افْتَحْ بَيْنَنَا وَبَيْنَ قَوْمِنَا بِالْحَقِّ وَأَنْتَ خَيْرُ الْفَاتِحِينَ
‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছতো যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ ৰব আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰেই নিৰ্ভৰ কৰো। হে আমাৰ ৰব! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।
তাফছীৰ
যদি আমিও তোমালোকৰ দৰে কুফুৰী আক্বীদা পোষণ কৰো, অথচ আল্লাহে আমাক তেওঁৰ কৃপাত ইয়াৰ পৰা ৰক্ষা কৰিছে তেন্তে আমি আল্লাহৰ প্ৰতি মিছা ৰটনা কৰা হ'ব। আৰু আমাৰ পক্ষে তোমালোকৰ ধৰ্মলৈ উভতি যোৱাটোও উচিত নহয়। কিন্তু আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সেইটো সুকীয়া কথা। কিয়নো সকলো বস্তু তেওঁৰেই ইচ্ছাৰ অধীনত। আমাৰ প্ৰতিপালক সকলো বস্তুকে তেওঁৰ জ্ঞানেৰে আৱৰী আছে। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। কেৱল এক আল্লাহৰ ওপৰতেই আমাৰ ভৰসা যে, তেওঁ আমাক পোন পথৰ হিদায়ত দিব আৰু জাহান্নামৰ পথৰ পৰা ৰক্ষা কৰিব। হে আমাৰ প্ৰতিপালক! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ কাফিৰসকলৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰি দিয়া, লগতে সত্যবাদী নিৰ্যাতিত সকলক নিষ্ঠুৰ যালিমসকলৰ ওপৰত বিজয় প্ৰদান কৰা। কিয়নো হে আমাৰ প্ৰতিপালক! তুমিয়ে উত্তম নিৰ্ণয়কাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক