ছূৰা 7 · জুজ 8

Al-A'raf · 7:69

أَوَعَجِبْتُمْ أَنْ جَاءَكُمْ ذِكْرٌ مِنْ رَبِّكُمْ عَلَىٰ رَجُلٍ مِنْكُمْ لِيُنْذِرَكُمْ ۚ وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ قَوْمِ نُوحٍ وَزَادَكُمْ فِي الْخَلْقِ بَسْطَةً ۖ فَاذْكُرُوا آلَاءَ اللَّهِ لَعَلَّكُمْ تُفْلِحُونَ

‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।

তাফছীৰ

তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, আল্লাহে তোমালোকক স্মৰণ কৰাবলৈ এনেকুৱা এজন ব্যক্তিক প্ৰেৰণ কৰিছে যিজন তোমালোকৰ মাজৰে এজন, ফিৰিস্তা তথা জিনসকলৰ মাজৰ নহয়, যাতে তেওঁ তোমালোকক সতৰ্ক তথা সাৱধান কৰিব পাৰে? তোমালোকে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ নূহৰ সম্প্ৰদায়ক কুফুৰী কৰাৰ কাৰণে ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছে আৰু সিহঁতৰ উত্তৰাধিকাৰী বনাইছে। তথা আল্লাহৰ কৃতজ্ঞতা কৰা যে, তেওঁ তোমালোকক বিশেষৰূপে উৎকৃষ্ট আকাৰ-আকৃতি আৰু শক্তি প্ৰদান কৰিছে। তথা আল্লাহে প্ৰদান কৰা অসংখ্য অনুগ্ৰহবোৰক স্মৰণ কৰা, যাতে তোমালোকে সেইবোৰ বস্তু আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে পাবলৈ ইচ্ছা কৰা আৰু সেইবোৰ বস্তুৰ পৰা ৰক্ষা পাব পাৰা যিবোৰক তোমালোকে ভয় কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক