ছূৰা 7 · জুজ 8

Al-A'raf · 7:85

وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ قَدْ جَاءَتْكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ ۖ فَأَوْفُوا الْكَيْلَ وَالْمِيزَانَ وَلَا تَبْخَسُوا النَّاسَ أَشْيَاءَهُمْ وَلَا تُفْسِدُوا فِي الْأَرْضِ بَعْدَ إِصْلَاحِهَا ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ مُؤْمِنِينَ

আৰু মাদইয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুৱাইবক (প্ৰেৰণ কৰিছিলো)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণ প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে মুমিন হোৱা’।

তাফছীৰ

নিশ্চয় আমি মাদয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ শুআইব আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ জাতি! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে ইবাদতৰ যোগ্য তোমালোকৰ আন কোনো সত্য উপাস্য নাই। মই লৈ অহা বাৰ্তা সত্য, ইয়াৰ সত্যতাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে। এতেকে মানুহৰ অধিকাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি, যেতিয়া সিহঁতক কিবা ওজন কৰি দিবা, তেতিয়া পৰিপূৰ্ণৰূপে ওজন কৰিবা। পণ্য সামগ্ৰীত কোনো দোষ উলিয়াই অথবা নিন্দা কৰি নাইবা পণ্যৰ গৰাকীক ঠগাই কোনো ধৰণৰ ক্ষতি নকৰিবা। লগতে নবীসকলৰ দ্বাৰা পৃথিৱীক সংশোধন কৰাৰ পিছত তাত কুফৰ আৰু পাপকৰ্মৰ দ্বাৰা পৰিৱেশ দোষিত নকৰিবা। যদি তুমি প্ৰকৃত মুমিন হোৱা তেন্তে এইবোৰ কথাৰ প্ৰতি আমল কৰাত তোমাৰ বাবে আছে কল্যাণ। কিয়নো এইবোৰ পালন কৰিলে তুমি আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ কাৰণে গুনাহৰ পৰা ৰক্ষা পাবা, লগতে তেওঁৰ আদেশ পালন কৰাৰ কাৰণে তুমি তেওঁৰ নৈকট্য লাভ কৰাত সফল হবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক