ছূৰা 7 · জুজ 9

Al-A'raf · 7:137

وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الْأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَا ۖ وَتَمَّتْ كَلِمَتُ رَبِّكَ الْحُسْنَىٰ عَلَىٰ بَنِي إِسْرَائِيلَ بِمَا صَبَرُوا ۖ وَدَمَّرْنَا مَا كَانَ يَصْنَعُ فِرْعَوْنُ وَقَوْمُهُ وَمَا كَانُوا يَعْرِشُونَ

আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলো; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হ’ল, যিহেতু সিহঁতে ধৈৰ্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছো।

তাফছীৰ

আমি বনী ইছৰাঈলক, যিসকলক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে দুৰ্বল ভাৱি আছিল, তেওঁলোকক পৃথিৱীৰ পশ্চিম তথা পূৱৰ উত্তৰাধিকাৰী বনাই দিলো। ইয়াৰ দ্বাৰা ছিৰিয়া দেশক বুজোৱা হৈছে, এই দেশৰ খেতি আৰু ফলমূল উৎপাদনত আল্লাহে বৰকত প্ৰদান কৰিছে। আৰু এইদৰে হে নবী! আপোনাৰ প্ৰতিপালকৰ শুভ বচন পূৰণ হৈছে। অৰ্থাৎ সেই বচন, যাৰ উল্লেখ এই আয়াতত আছেঃ {وَنُرِيدُ أَنْ نَمُنَّ عَلَى الَّذِينَ اسْتُضْعِفُوا فِي الأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ الْوَارِثِينَ}আৰু আমি সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল, সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো। (ছুৰা কাচাচঃ ৫) ফলত আল্লাহে তেওঁলোকক পৃথিৱীত নেতৃত্ব প্ৰদান কৰিলে, কাৰণ তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য ধাৰণ কৰিছিল। লগতে আমি ফিৰআউনে নিৰ্মাণ কৰা ঘৰ, উট্টালিকা আৰু খেতি-পথাৰ ধ্বংস কৰিছো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক