ছূৰা 7 · জুজ 9

Al-A'raf · 7:155

وَاخْتَارَ مُوسَىٰ قَوْمَهُ سَبْعِينَ رَجُلًا لِمِيقَاتِنَا ۖ فَلَمَّا أَخَذَتْهُمُ الرَّجْفَةُ قَالَ رَبِّ لَوْ شِئْتَ أَهْلَكْتَهُمْ مِنْ قَبْلُ وَإِيَّايَ ۖ أَتُهْلِكُنَا بِمَا فَعَلَ السُّفَهَاءُ مِنَّا ۖ إِنْ هِيَ إِلَّا فِتْنَتُكَ تُضِلُّ بِهَا مَنْ تَشَاءُ وَتَهْدِي مَنْ تَشَاءُ ۖ أَنْتَ وَلِيُّنَا فَاغْفِرْ لَنَا وَارْحَمْنَا ۖ وَأَنْتَ خَيْرُ الْغَافِرِينَ

আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰ জন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে সেই বাবে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা বিপথগামী কৰা আৰু যাক ইচ্ছা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।

তাফছীৰ

আৰু মূছা আলাইহিছ ছআলামে তেওঁৰ সম্প্ৰদায়ৰ সত্তৰজন লোকক নিৰ্বাচন কৰিলে, যাতে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰে, যি গুনাহ তেওঁলোকৰ মাজৰ কিছুমান নিৰ্বোধ লোকে দামুৰীৰ উপাসনাত লিপ্ত হৈ সংঘটিত কৰিছিল। আল্লাহে তেওঁলোকক উপস্থিত হবলৈ এটা নিৰ্ধাৰিত সময়ৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকে যেতিয়া তাত উপস্থিত হ'ল, তেতিয়া আল্লাহক দৰ্শন কৰাৰ দুঃসাহসিক দাবী কৰি বহিলে, আৰু মূছা আলাইহিছ ছালামক ক'লে, তেওঁ যেন আল্লাহক প্ৰত্যক্ষভাৱে দেখুৱাই দিয়ে। ফলত ভূমিকম্পই তেওঁলোকক আক্ৰান্ত কৰিলে আৰু তেওঁলোক ভয়তে বেহুচ হৈ মৃত্যুবৰণ কৰিলে। তাৰ পিছত মূছা আলাইহিছ ছালামে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি সিহঁতক তথা মোক ইয়াত অহাৰ পূৰ্বেই যদি ধ্বংস কৰিব বিচাৰিলে, নিশ্চয় ধ্বংস কৰিব পাৰিলাহেঁতেন। এতেকে কিছুমান নিৰ্বোধ লোকৰ কৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবা নেকি? দৰাচলতে মোৰ সম্প্ৰদায়ে কৰা দামুৰীৰ পূজা পাঠ আছিল এটা পৰীক্ষা, যাৰ জৰিয়তে তুমি যাক ইচ্ছা কৰা পথভ্ৰষ্ট কৰা আৰু যাক ইচ্ছা কৰা হিদায়ত দিয়া। তুমি আমাৰ কৰ্ম সঞ্চালক, আমাৰ গুনাহসমূহ ক্ষমা কৰা, আৰু তোমাৰ প্ৰশস্ত ৰহমতৰ জৰিয়তে আমাৰ প্ৰতি ৰহম কৰা, তুমিয়ে উত্তম গুনাহ ক্ষমাকাৰী আৰু পাপ মোচনকাৰী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক