ছূৰা 7 · জুজ 9

Al-A'raf · 7:171

۞ وَإِذْ نَتَقْنَا الْجَبَلَ فَوْقَهُمْ كَأَنَّهُ ظُلَّةٌ وَظَنُّوا أَنَّهُ وَاقِعٌ بِهِمْ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاذْكُرُوا مَا فِيهِ لَعَلَّكُمْ تَتَّقُونَ

আৰু স্মৰণ কৰা, যেতিয়া আমি পৰ্বতক সিহঁতৰ ওপৰত তুলি ধৰিছিলো, আৰু সেয়া আছিল যেনিবা মেঘৰ এটা খণ্ড। সিহঁতে ভাৱিলে যে, সেয়া সিহঁতৰ ওপৰত পৰি যাব। (আমি ক’লো) ‘আমি যি প্ৰদান কৰিছো সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ কৰা, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা’।

তাফছীৰ

হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আমি বনী ইছৰাঈলৰ ওপৰত পৰ্বত দাঙি ধৰিছিলো, যেতিয়া সিহঁতে তাওৰাতৰ শিক্ষা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰ্বত সিহঁতৰ মূৰৰ ওপৰত ছাতিৰ দৰে থিয় হৈ আছিল, আৰু সিহঁত পতিয়ন গৈছিল যে, পৰ্বত অনতিপলমে সিহঁতৰ ওপৰত খহি পৰিব। সিহঁতক কোৱা হ'লঃ আমি তোমালোকক যি দিছো, সেয়া মজবুতভাৱে ধাৰণ কৰা, আৰু তাত থকা আল্লাহৰ বিধানসমূহ সঠিকভাৱে মনত ৰাখিবা, পাহৰি নাযাবা। ইয়াৰ ফলত যাতে তোমালোকে আল্লাহক ভয় কৰিব পাৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক