Maryam

سورة مريم

ছূৰা 19 · মক্কী · 98 আয়াত

19:1জুজ 16 · পৃ. 305

كهيعص1

কাফ-হা-ইয়া-আঈন- ছোৱাদ;
19:2জুজ 16 · পৃ. 305

ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهُ زَكَرِيَّا2

এইটো তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,
19:3জুজ 16 · পৃ. 305

إِذْ نَادَىٰ رَبَّهُ نِدَاءً خَفِيًّا3

যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,
19:4জুজ 16 · পৃ. 305

قَالَ رَبِّ إِنِّي وَهَنَ الْعَظْمُ مِنِّي وَاشْتَعَلَ الرَّأْسُ شَيْبًا وَلَمْ أَكُنْ بِدُعَائِكَ رَبِّ شَقِيًّا4

তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।
19:5জুজ 16 · পৃ. 305

وَإِنِّي خِفْتُ الْمَوَالِيَ مِنْ وَرَائِي وَكَانَتِ امْرَأَتِي عَاقِرًا فَهَبْ لِي مِنْ لَدُنْكَ وَلِيًّا5

আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয় সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,
19:6জুজ 16 · পৃ. 305

يَرِثُنِي وَيَرِثُ مِنْ آلِ يَعْقُوبَ ۖ وَاجْعَلْهُ رَبِّ رَضِيًّا6

‘যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ আৰু হে মোৰ ৰব! তাক তুমি সন্তোষভাজন কৰিবা’।
19:7জুজ 16 · পৃ. 305

يَا زَكَرِيَّا إِنَّا نُبَشِّرُكَ بِغُلَامٍ اسْمُهُ يَحْيَىٰ لَمْ نَجْعَلْ لَهُ مِنْ قَبْلُ سَمِيًّا7

(আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলো’।
19:8জুজ 16 · পৃ. 305

قَالَ رَبِّ أَنَّىٰ يَكُونُ لِي غُلَامٌ وَكَانَتِ امْرَأَتِي عَاقِرًا وَقَدْ بَلَغْتُ مِنَ الْكِبَرِ عِتِيًّا8

তেওঁ ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব, অথচ মোৰ স্ত্ৰী বন্ধা আৰু মই বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছো’!
19:9জুজ 16 · পৃ. 305

قَالَ كَذَٰلِكَ قَالَ رَبُّكَ هُوَ عَلَيَّ هَيِّنٌ وَقَدْ خَلَقْتُكَ مِنْ قَبْلُ وَلَمْ تَكُ شَيْئًا9

(উত্তৰত) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছো যেতিয়া তুমি একোৱেই নাছিলা’।
19:10জুজ 16 · পৃ. 305

قَالَ رَبِّ اجْعَلْ لِي آيَةً ۚ قَالَ آيَتُكَ أَلَّا تُكَلِّمَ النَّاسَ ثَلَاثَ لَيَالٍ سَوِيًّا10

যাকাৰিয়্যাই ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও তিনি দিন কাৰো লগত কথা নকবা’।
19:11জুজ 16 · পৃ. 305

فَخَرَجَ عَلَىٰ قَوْمِهِ مِنَ الْمِحْرَابِ فَأَوْحَىٰ إِلَيْهِمْ أَنْ سَبِّحُوا بُكْرَةً وَعَشِيًّا11

তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত আহিল আৰু ইঙ্গিতেৰে সিহঁতক পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবলৈ ক’লে।
19:12জুজ 16 · পৃ. 306

يَا يَحْيَىٰ خُذِ الْكِتَابَ بِقُوَّةٍ ۖ وَآتَيْنَاهُ الْحُكْمَ صَبِيًّا12

‘হে ইয়াহয়া! তুমি কিতাবটো দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা’। আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলো,
19:13জুজ 16 · পৃ. 306

وَحَنَانًا مِنْ لَدُنَّا وَزَكَاةً ۖ وَكَانَ تَقِيًّا13

আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছো; আৰু তেওঁ আছিল মুত্তাক্বী।
19:14জুজ 16 · পৃ. 306

وَبَرًّا بِوَالِدَيْهِ وَلَمْ يَكُنْ جَبَّارًا عَصِيًّا14

আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত আৰু তেওঁ অহংকাৰী, অবাধ্য নাছিল।
19:15জুজ 16 · পৃ. 306

وَسَلَامٌ عَلَيْهِ يَوْمَ وُلِدَ وَيَوْمَ يَمُوتُ وَيَوْمَ يُبْعَثُ حَيًّا15

আৰু তেওঁৰ প্ৰতি শান্তি যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।
19:16জুজ 16 · পৃ. 306

وَاذْكُرْ فِي الْكِتَابِ مَرْيَمَ إِذِ انْتَبَذَتْ مِنْ أَهْلِهَا مَكَانًا شَرْقِيًّا16

আৰু স্মৰণ কৰা এই কিতাবত মাৰইয়ামক, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে,
19:17জুজ 16 · পৃ. 306

فَاتَّخَذَتْ مِنْ دُونِهِمْ حِجَابًا فَأَرْسَلْنَا إِلَيْهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِيًّا17

তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰত আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলো, তেওঁ তেওঁৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিলে।
19:18জুজ 16 · পৃ. 306

قَالَتْ إِنِّي أَعُوذُ بِالرَّحْمَٰنِ مِنْكَ إِنْ كُنْتَ تَقِيًّا18

মাৰইয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো, (আল্লাহক ভয় কৰা) যদি তুমি মুত্তাক্বী হোৱা’।
19:19জুজ 16 · পৃ. 306

قَالَ إِنَّمَا أَنَا رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَامًا زَكِيًّا19

তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূত, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছো’।
19:20জুজ 16 · পৃ. 306

قَالَتْ أَنَّىٰ يَكُونُ لِي غُلَامٌ وَلَمْ يَمْسَسْنِي بَشَرٌ وَلَمْ أَكُ بَغِيًّا20

মাৰইয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শ কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’?
19:21জুজ 16 · পৃ. 306

قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَيَّ هَيِّنٌ ۖ وَلِنَجْعَلَهُ آيَةً لِلنَّاسِ وَرَحْمَةً مِنَّا ۚ وَكَانَ أَمْرًا مَقْضِيًّا21

তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এই বাবে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।
19:22জুজ 16 · পৃ. 306

۞ فَحَمَلَتْهُ فَانْتَبَذَتْ بِهِ مَكَانًا قَصِيًّا22

তাৰ পিছত মাৰইয়ামে তেওঁক গৰ্ভ ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল:
19:23জুজ 16 · পৃ. 306

فَأَجَاءَهَا الْمَخَاضُ إِلَىٰ جِذْعِ النَّخْلَةِ قَالَتْ يَا لَيْتَنِي مِتُّ قَبْلَ هَٰذَا وَكُنْتُ نَسْيًا مَنْسِيًّا23

তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰিলে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোহেঁতেন!’
19:24জুজ 16 · পৃ. 306

فَنَادَاهَا مِنْ تَحْتِهَا أَلَّا تَحْزَنِي قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِيًّا24

তেতিয়া তলৰ পৰা তেওঁ মাৰইয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে;
19:25জুজ 16 · পৃ. 306

وَهُزِّي إِلَيْكِ بِجِذْعِ النَّخْلَةِ تُسَاقِطْ عَلَيْكِ رُطَبًا جَنِيًّا25

আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।
19:26জুজ 16 · পৃ. 307

فَكُلِي وَاشْرَبِي وَقَرِّي عَيْنًا ۖ فَإِمَّا تَرَيِنَّ مِنَ الْبَشَرِ أَحَدًا فَقُولِي إِنِّي نَذَرْتُ لِلرَّحْمَٰنِ صَوْمًا فَلَنْ أُكَلِّمَ الْيَوْمَ إِنْسِيًّا26

এতেকে খোৱা, পান কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছো। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।
19:27জুজ 16 · পৃ. 307

فَأَتَتْ بِهِ قَوْمَهَا تَحْمِلُهُ ۖ قَالُوا يَا مَرْيَمُ لَقَدْ جِئْتِ شَيْئًا فَرِيًّا27

তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰইয়াম! অৱশ্যে তুমি এটা অদ্ভূত বিষয় লৈ আহিছা’।
19:28জুজ 16 · পৃ. 307

يَا أُخْتَ هَارُونَ مَا كَانَ أَبُوكِ امْرَأَ سَوْءٍ وَمَا كَانَتْ أُمُّكِ بَغِيًّا28

‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতৃ কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।
19:29জুজ 16 · পৃ. 307

فَأَشَارَتْ إِلَيْهِ ۖ قَالُوا كَيْفَ نُكَلِّمُ مَنْ كَانَ فِي الْمَهْدِ صَبِيًّا29

তেতিয়া মাৰইয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘দোলনাত থকা এটি কেঁচুৱাৰ লগত আমি কেনেকৈ কথা পাতিম’?
19:30জুজ 16 · পৃ. 307

قَالَ إِنِّي عَبْدُ اللَّهِ آتَانِيَ الْكِتَابَ وَجَعَلَنِي نَبِيًّا30

কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,
19:31জুজ 16 · পৃ. 307

وَجَعَلَنِي مُبَارَكًا أَيْنَ مَا كُنْتُ وَأَوْصَانِي بِالصَّلَاةِ وَالزَّكَاةِ مَا دُمْتُ حَيًّا31

‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--
19:32জুজ 16 · পৃ. 307

وَبَرًّا بِوَالِدَتِي وَلَمْ يَجْعَلْنِي جَبَّارًا شَقِيًّا32

‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে আৰু তেওঁ মোক অহংকাৰী, অবাধ্য কৰা নাই;
19:33জুজ 16 · পৃ. 307

وَالسَّلَامُ عَلَيَّ يَوْمَ وُلِدْتُ وَيَوْمَ أَمُوتُ وَيَوْمَ أُبْعَثُ حَيًّا33

‘আৰু মোৰ প্ৰতি শান্তি যিদিনা মই জন্ম লাভ কৰিছো, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হম’।
19:34জুজ 16 · পৃ. 307

ذَٰلِكَ عِيسَى ابْنُ مَرْيَمَ ۚ قَوْلَ الْحَقِّ الَّذِي فِيهِ يَمْتَرُونَ34

এওঁৱেই হৈছে মাৰইয়ামৰ পুত্ৰ ঈছা। (যিটো বৰ্ণনা কৰা হ’ল) এইটোৱে সত্য কথা, যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছে।
19:35জুজ 16 · পৃ. 307

مَا كَانَ لِلَّهِ أَنْ يَتَّخِذَ مِنْ وَلَدٍ ۖ سُبْحَانَهُ ۚ إِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ35

সন্তান গ্ৰহণ কৰা আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।
19:36জুজ 16 · পৃ. 307

وَإِنَّ اللَّهَ رَبِّي وَرَبُّكُمْ فَاعْبُدُوهُ ۚ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ36

নিশ্চয় আল্লাহেই মোৰ ৰব আৰু তোমালোকৰো ৰব; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই সৰল পথ।
19:37জুজ 16 · পৃ. 307

فَاخْتَلَفَ الْأَحْزَابُ مِنْ بَيْنِهِمْ ۖ فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنْ مَشْهَدِ يَوْمٍ عَظِيمٍ37

তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।
19:38জুজ 16 · পৃ. 307

أَسْمِعْ بِهِمْ وَأَبْصِرْ يَوْمَ يَأْتُونَنَا ۖ لَٰكِنِ الظَّالِمُونَ الْيَوْمَ فِي ضَلَالٍ مُبِينٍ38

সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁত কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।
19:39জুজ 16 · পৃ. 308

وَأَنْذِرْهُمْ يَوْمَ الْحَسْرَةِ إِذْ قُضِيَ الْأَمْرُ وَهُمْ فِي غَفْلَةٍ وَهُمْ لَا يُؤْمِنُونَ39

আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে।
19:40জুজ 16 · পৃ. 308

إِنَّا نَحْنُ نَرِثُ الْأَرْضَ وَمَنْ عَلَيْهَا وَإِلَيْنَا يُرْجَعُونَ40

নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানা কেৱল আমাৰেই থাকিব আৰু আমাৰ ওচৰতেই সিহঁত প্ৰত্যাৱৰ্তিত হ’ব।
19:41জুজ 16 · পৃ. 308

وَاذْكُرْ فِي الْكِتَابِ إِبْرَاهِيمَ ۚ إِنَّهُ كَانَ صِدِّيقًا نَبِيًّا41

আৰু স্মৰণ কৰা এই কিতাবত ইব্ৰাহীমক, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।
19:42জুজ 16 · পৃ. 308

إِذْ قَالَ لِأَبِيهِ يَا أَبَتِ لِمَ تَعْبُدُ مَا لَا يَسْمَعُ وَلَا يُبْصِرُ وَلَا يُغْنِي عَنْكَ شَيْئًا42

যেতিয়া তেওঁ তেওঁৰ পিতৃক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’?
19:43জুজ 16 · পৃ. 308

يَا أَبَتِ إِنِّي قَدْ جَاءَنِي مِنَ الْعِلْمِ مَا لَمْ يَأْتِكَ فَاتَّبِعْنِي أَهْدِكَ صِرَاطًا سَوِيًّا43

‘হে মোৰ পিতৃ! মোৰ ওচৰত এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।
19:44জুজ 16 · পৃ. 308

يَا أَبَتِ لَا تَعْبُدِ الشَّيْطَانَ ۖ إِنَّ الشَّيْطَانَ كَانَ لِلرَّحْمَٰنِ عَصِيًّا44

‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান ৰহমানৰ অবাধ্য।
19:45জুজ 16 · পৃ. 308

يَا أَبَتِ إِنِّي أَخَافُ أَنْ يَمَسَّكَ عَذَابٌ مِنَ الرَّحْمَٰنِ فَتَكُونَ لِلشَّيْطَانِ وَلِيًّا45

‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।
19:46জুজ 16 · পৃ. 308

قَالَ أَرَاغِبٌ أَنْتَ عَنْ آلِهَتِي يَا إِبْرَاهِيمُ ۖ لَئِنْ لَمْ تَنْتَهِ لَأَرْجُمَنَّكَ ۖ وَاهْجُرْنِي مَلِيًّا46

পিতাকে ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে অৱশ্যে মই তোমাক শীল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।
19:47জুজ 16 · পৃ. 308

قَالَ سَلَامٌ عَلَيْكَ ۖ سَأَسْتَغْفِرُ لَكَ رَبِّي ۖ إِنَّهُ كَانَ بِي حَفِيًّا47

ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।
19:48জুজ 16 · পৃ. 308

وَأَعْتَزِلُكُمْ وَمَا تَدْعُونَ مِنْ دُونِ اللَّهِ وَأَدْعُو رَبِّي عَسَىٰ أَلَّا أَكُونَ بِدُعَاءِ رَبِّي شَقِيًّا48

‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হলো; আৰু মই কেৱল মোৰ প্ৰতিপালকক আহ্বান কৰো; আশা কৰো মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহওঁ’।
19:49জুজ 16 · পৃ. 308

فَلَمَّا اعْتَزَلَهُمْ وَمَا يَعْبُدُونَ مِنْ دُونِ اللَّهِ وَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ ۖ وَكُلًّا جَعَلْنَا نَبِيًّا49

তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছো।
19:50জুজ 16 · পৃ. 308

وَوَهَبْنَا لَهُمْ مِنْ رَحْمَتِنَا وَجَعَلْنَا لَهُمْ لِسَانَ صِدْقٍ عَلِيًّا50

আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলো, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলো।
19:51জুজ 16 · পৃ. 308

وَاذْكُرْ فِي الْكِتَابِ مُوسَىٰ ۚ إِنَّهُ كَانَ مُخْلَصًا وَكَانَ رَسُولًا نَبِيًّا51

আৰু স্মৰণ কৰা এই কিতাবত মুছাক, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।
19:52জুজ 16 · পৃ. 309

وَنَادَيْنَاهُ مِنْ جَانِبِ الطُّورِ الْأَيْمَنِ وَقَرَّبْنَاهُ نَجِيًّا52

আৰু তেওঁক আমি মাতিছিলো তূৰ পৰ্বতৰ সোঁ ফালে লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলো।
19:53জুজ 16 · পৃ. 309

وَوَهَبْنَا لَهُ مِنْ رَحْمَتِنَا أَخَاهُ هَارُونَ نَبِيًّا53

আৰু আমি নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিলো।
19:54জুজ 16 · পৃ. 309

وَاذْكُرْ فِي الْكِتَابِ إِسْمَاعِيلَ ۚ إِنَّهُ كَانَ صَادِقَ الْوَعْدِ وَكَانَ رَسُولًا نَبِيًّا54

আৰু স্মৰণ কৰা এই কিতাবত ইছমাঈলক, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী;
19:55জুজ 16 · পৃ. 309

وَكَانَ يَأْمُرُ أَهْلَهُ بِالصَّلَاةِ وَالزَّكَاةِ وَكَانَ عِنْدَ رَبِّهِ مَرْضِيًّا55

তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ সন্তোষভাজন।
19:56জুজ 16 · পৃ. 309

وَاذْكُرْ فِي الْكِتَابِ إِدْرِيسَ ۚ إِنَّهُ كَانَ صِدِّيقًا نَبِيًّا56

আৰু স্মৰণ কৰা এই কিতাবত ইদৰীছক, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী;
19:57জুজ 16 · পৃ. 309

وَرَفَعْنَاهُ مَكَانًا عَلِيًّا57

আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলো।
19:58জুজ 16 · পৃ. 309

أُولَٰئِكَ الَّذِينَ أَنْعَمَ اللَّهُ عَلَيْهِمْ مِنَ النَّبِيِّينَ مِنْ ذُرِّيَّةِ آدَمَ وَمِمَّنْ حَمَلْنَا مَعَ نُوحٍ وَمِنْ ذُرِّيَّةِ إِبْرَاهِيمَ وَإِسْرَائِيلَ وَمِمَّنْ هَدَيْنَا وَاجْتَبَيْنَا ۚ إِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُ الرَّحْمَٰنِ خَرُّوا سُجَّدًا وَبُكِيًّا ۩58

এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰিছিলো। এওঁলোক ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, লগতে (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলো আৰু মনোনীত কৰিছিলো; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল।
19:59জুজ 16 · পৃ. 309

۞ فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ أَضَاعُوا الصَّلَاةَ وَاتَّبَعُوا الشَّهَوَاتِ ۖ فَسَوْفَ يَلْقَوْنَ غَيًّا59

তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিলে আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিলে। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।
19:60জুজ 16 · পৃ. 309

إِلَّا مَنْ تَابَ وَآمَنَ وَعَمِلَ صَالِحًا فَأُولَٰئِكَ يَدْخُلُونَ الْجَنَّةَ وَلَا يُظْلَمُونَ شَيْئًا60

কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
19:61জুজ 16 · পৃ. 309

جَنَّاتِ عَدْنٍ الَّتِي وَعَدَ الرَّحْمَٰنُ عِبَادَهُ بِالْغَيْبِ ۚ إِنَّهُ كَانَ وَعْدُهُ مَأْتِيًّا61

এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি বিষয় অৱশ্যম্ভাৱী।
19:62জুজ 16 · পৃ. 309

لَا يَسْمَعُونَ فِيهَا لَغْوًا إِلَّا سَلَامًا ۖ وَلَهُمْ رِزْقُهُمْ فِيهَا بُكْرَةً وَعَشِيًّا62

তাত তেওঁলোক ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।
19:63জুজ 16 · পৃ. 309

تِلْكَ الْجَنَّةُ الَّتِي نُورِثُ مِنْ عِبَادِنَا مَنْ كَانَ تَقِيًّا63

এইটোৱে সেই জান্নাত, যাৰ অধিকাৰী কৰিম আমাৰ বান্দাসকলৰ মাজত তেওঁলোকক, যিসকল মুত্তাক্বী।
19:64জুজ 16 · পৃ. 309

وَمَا نَتَنَزَّلُ إِلَّا بِأَمْرِ رَبِّكَ ۖ لَهُ مَا بَيْنَ أَيْدِينَا وَمَا خَلْفَنَا وَمَا بَيْنَ ذَٰلِكَ ۚ وَمَا كَانَ رَبُّكَ نَسِيًّا64

আৰু আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰো; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ ৰব বিস্মৃত নহয়।
19:65জুজ 16 · পৃ. 310

رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا فَاعْبُدْهُ وَاصْطَبِرْ لِعِبَادَتِهِ ۚ هَلْ تَعْلَمُ لَهُ سَمِيًّا65

তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰব। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?
19:66জুজ 16 · পৃ. 310

وَيَقُولُ الْإِنْسَانُ أَإِذَا مَا مِتُّ لَسَوْفَ أُخْرَجُ حَيًّا66

আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’?
19:67জুজ 16 · পৃ. 310

أَوَلَا يَذْكُرُ الْإِنْسَانُ أَنَّا خَلَقْنَاهُ مِنْ قَبْلُ وَلَمْ يَكُ شَيْئًا67

মানুহে স্মৰণ নকৰে নেকি যে, আমি তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছো অথচ সি একোৱেই নাছিল?
19:68জুজ 16 · পৃ. 310

فَوَرَبِّكَ لَنَحْشُرَنَّهُمْ وَالشَّيَاطِينَ ثُمَّ لَنُحْضِرَنَّهُمْ حَوْلَ جَهَنَّمَ جِثِيًّا68

এতেকে তোমাৰ প্ৰতিপালকৰ শপত! অৱশ্যে আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।
19:69জুজ 16 · পৃ. 310

ثُمَّ لَنَنْزِعَنَّ مِنْ كُلِّ شِيعَةٍ أَيُّهُمْ أَشَدُّ عَلَى الرَّحْمَٰنِ عِتِيًّا69

তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আমি তাক টানি উলিয়াই আনিম।
19:70জুজ 16 · পৃ. 310

ثُمَّ لَنَحْنُ أَعْلَمُ بِالَّذِينَ هُمْ أَوْلَىٰ بِهَا صِلِيًّا70

আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।
19:71জুজ 16 · পৃ. 310

وَإِنْ مِنْكُمْ إِلَّا وَارِدُهَا ۚ كَانَ عَلَىٰ رَبِّكَ حَتْمًا مَقْضِيًّا71

আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।
19:72জুজ 16 · পৃ. 310

ثُمَّ نُنَجِّي الَّذِينَ اتَّقَوْا وَنَذَرُ الظَّالِمِينَ فِيهَا جِثِيًّا72

তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।
19:73জুজ 16 · পৃ. 310

وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا أَيُّ الْفَرِيقَيْنِ خَيْرٌ مَقَامًا وَأَحْسَنُ نَدِيًّا73

আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?
19:74জুজ 16 · পৃ. 310

وَكَمْ أَهْلَكْنَا قَبْلَهُمْ مِنْ قَرْنٍ هُمْ أَحْسَنُ أَثَاثًا وَرِئْيًا74

আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছো—যিসকল সিহঁততকৈ সম্পদ আৰু বাহ্যদৃষ্টিত শ্ৰেষ্ঠ আছিল।
19:75জুজ 16 · পৃ. 310

قُلْ مَنْ كَانَ فِي الضَّلَالَةِ فَلْيَمْدُدْ لَهُ الرَّحْمَٰنُ مَدًّا ۚ حَتَّىٰ إِذَا رَأَوْا مَا يُوعَدُونَ إِمَّا الْعَذَابَ وَإِمَّا السَّاعَةَ فَسَيَعْلَمُونَ مَنْ هُوَ شَرٌّ مَكَانًا وَأَضْعَفُ جُنْدًا75

কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওঁক বা কিয়ামতেই হওঁক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন দুৰ্বল’।
19:76জুজ 16 · পৃ. 310

وَيَزِيدُ اللَّهُ الَّذِينَ اهْتَدَوْا هُدًى ۗ وَالْبَاقِيَاتُ الصَّالِحَاتُ خَيْرٌ عِنْدَ رَبِّكَ ثَوَابًا وَخَيْرٌ مَرَدًّا76

আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰষ্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।
19:77জুজ 16 · পৃ. 311

أَفَرَأَيْتَ الَّذِي كَفَرَ بِآيَاتِنَا وَقَالَ لَأُوتَيَنَّ مَالًا وَوَلَدًا77

তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰে আৰু কয়, ‘অৱশ্যে মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।
19:78জুজ 16 · পৃ. 311

أَطَّلَعَ الْغَيْبَ أَمِ اتَّخَذَ عِنْدَ الرَّحْمَٰنِ عَهْدًا78

সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে?
19:79জুজ 16 · পৃ. 311

كَلَّا ۚ سَنَكْتُبُ مَا يَقُولُ وَنَمُدُّ لَهُ مِنَ الْعَذَابِ مَدًّا79

কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তি বৃদ্ধিহে কৰি থাকিম।
19:80জুজ 16 · পৃ. 311

وَنَرِثُهُ مَا يَقُولُ وَيَأْتِينَا فَرْدًا80

আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰত উপস্থিত হবহি।
19:81জুজ 16 · পৃ. 311

وَاتَّخَذُوا مِنْ دُونِ اللَّهِ آلِهَةً لِيَكُونُوا لَهُمْ عِزًّا81

আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ সহায়ক হয়;
19:82জুজ 16 · পৃ. 311

كَلَّا ۚ سَيَكْفُرُونَ بِعِبَادَتِهِمْ وَيَكُونُونَ عَلَيْهِمْ ضِدًّا82

কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।
19:83জুজ 16 · পৃ. 311

أَلَمْ تَرَ أَنَّا أَرْسَلْنَا الشَّيَاطِينَ عَلَى الْكَافِرِينَ تَؤُزُّهُمْ أَزًّا83

তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছো, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে?
19:84জুজ 16 · পৃ. 311

فَلَا تَعْجَلْ عَلَيْهِمْ ۖ إِنَّمَا نَعُدُّ لَهُمْ عَدًّا84

এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। অৱশ্যে আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰি আছো,
19:85জুজ 16 · পৃ. 311

يَوْمَ نَحْشُرُ الْمُتَّقِينَ إِلَى الرَّحْمَٰنِ وَفْدًا85

যিদিনা ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে আমি সমবেত কৰিম,
19:86জুজ 16 · পৃ. 311

وَنَسُوقُ الْمُجْرِمِينَ إِلَىٰ جَهَنَّمَ وِرْدًا86

আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি নিয়া হ’ব।
19:87জুজ 16 · পৃ. 311

لَا يَمْلِكُونَ الشَّفَاعَةَ إِلَّا مَنِ اتَّخَذَ عِنْدَ الرَّحْمَٰنِ عَهْدًا87

যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও ছুপাৰিছ কৰিব নোৱাৰিব।
19:88জুজ 16 · পৃ. 311

وَقَالُوا اتَّخَذَ الرَّحْمَٰنُ وَلَدًا88

আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।
19:89জুজ 16 · পৃ. 311

لَقَدْ جِئْتُمْ شَيْئًا إِدًّا89

অৱশ্যে তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;
19:90জুজ 16 · পৃ. 311

تَكَادُ السَّمَاوَاتُ يَتَفَطَّرْنَ مِنْهُ وَتَنْشَقُّ الْأَرْضُ وَتَخِرُّ الْجِبَالُ هَدًّا90

যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হ’ব আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যাব,
19:91জুজ 16 · পৃ. 311

أَنْ دَعَوْا لِلرَّحْمَٰنِ وَلَدًا91

এই কাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।
19:92জুজ 16 · পৃ. 311

وَمَا يَنْبَغِي لِلرَّحْمَٰنِ أَنْ يَتَّخِذَ وَلَدًا92

অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।
19:93জুজ 16 · পৃ. 311

إِنْ كُلُّ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ إِلَّا آتِي الرَّحْمَٰنِ عَبْدًا93

আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।
19:94জুজ 16 · পৃ. 311

لَقَدْ أَحْصَاهُمْ وَعَدَّهُمْ عَدًّا94

তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,
19:95জুজ 16 · পৃ. 311

وَكُلُّهُمْ آتِيهِ يَوْمَ الْقِيَامَةِ فَرْدًا95

আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰত অকলশৰীয়া হৈ আহিব।
19:96জুজ 16 · পৃ. 312

إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَيَجْعَلُ لَهُمُ الرَّحْمَٰنُ وُدًّا96

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (বান্দাসকলৰ হৃদয়ত) ভালপোৱা সৃষ্টি কৰিব।
19:97জুজ 16 · পৃ. 312

فَإِنَّمَا يَسَّرْنَاهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ الْمُتَّقِينَ وَتُنْذِرَ بِهِ قَوْمًا لُدًّا97

আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।
19:98জুজ 16 · পৃ. 312

وَكَمْ أَهْلَكْنَا قَبْلَهُمْ مِنْ قَرْنٍ هَلْ تُحِسُّ مِنْهُمْ مِنْ أَحَدٍ أَوْ تَسْمَعُ لَهُمْ رِكْزًا98

আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছো! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈয়ো ক্ষীণ কোনো শব্দ শুনিবলৈ পোৱা নে?

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Muhammad Abdulkarim - Maryam · Tlawati