ছূৰা 19 · জুজ 16
Maryam · 19:19
قَالَ إِنَّمَا أَنَا رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَامًا زَكِيًّا
তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূত, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছো’।
তাফছীৰ
জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ মই মানৱ নহয়। নিশ্চয় মই তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন দূত। তেৱেঁই মোক তোমাৰ ওচৰলৈ প্ৰেৰণ কৰিছে। যাতে মই তোমাক এজন পাক-পৱিত্ৰ সুসন্তান প্ৰদান কৰিব পাৰোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক