ছূৰা 19 · জুজ 16
Maryam · 19:64
وَمَا نَتَنَزَّلُ إِلَّا بِأَمْرِ رَبِّكَ ۖ لَهُ مَا بَيْنَ أَيْدِينَا وَمَا خَلْفَنَا وَمَا بَيْنَ ذَٰلِكَ ۚ وَمَا كَانَ رَبُّكَ نَسِيًّا
আৰু আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰো; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ ৰব বিস্মৃত নহয়।
তাফছীৰ
হে জিব্ৰীল! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈ দিয়ক, ফিৰিস্তাসকলে নিজ ইচ্ছা মতে অৱতৰণ নকৰে, বৰং তেওঁলোক আল্লাহৰ আদেশতহে অৱতৰণ কৰে। সেইবোৰো আল্লাহৰ আদেশতেই সংঘটিত হ'ব, যিবোৰ আমি আখিৰাতত সন্মুখীন হ'ম। আৰু এই পৃথিৱীও তেওঁৰ আদেশতেই নিয়ন্ত্ৰিত যিটোক আমি পিচ পেলাই গৈ আছো। তথা পৃথিৱী আৰু আখিৰাতৰ মাজৰ বিষয়বোৰো তেওঁৰ দ্বাৰাই নিয়ন্ত্ৰিত। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে একোৱেই পাহৰি নাযায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক