ছূৰা 19 · জুজ 16

Maryam · 19:65

رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا فَاعْبُدْهُ وَاصْطَبِرْ لِعِبَادَتِهِ ۚ هَلْ تَعْلَمُ لَهُ سَمِيًّا

তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰব। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?

তাফছীৰ

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। তথা এই দুয়োৰ মাজত থকা সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কেৱল তেৱেঁই ইবাদতৰ যোগ্য। তথা তেওঁৰ ইবাদতৰ ওপৰতেই অটল থাকিবা। কিয়নো তেওঁৰ ইবাদতত অংশীদাৰ হব পৰা তেওঁৰ কোনো সমকক্ষ তথা সাদৃশ্য নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক