ছূৰা 19 · জুজ 16
Maryam · 19:77
أَفَرَأَيْتَ الَّذِي كَفَرَ بِآيَاتِنَا وَقَالَ لَأُوتَيَنَّ مَالًا وَوَلَدًا
তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰে আৰু কয়, ‘অৱশ্যে মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।
তাফছীৰ
হে ৰাছুল! আপুনি সেই ব্যক্তিক দেখা নাইনে, যিয়ে আমাৰ প্ৰমাণসমূহক অস্বীকাৰ কৰিছে আৰু আমাৰ সতৰ্কবাণীক নাকচ কৰি কৈছেঃ মোৰ মৃত্যুৰ পিছত, যদি মোক পুনৰ্জীৱিত কৰা হয় তেন্তে অৱশ্যে মোক প্ৰচুৰ ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰা হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক