ছূৰা 19 · জুজ 16
Maryam · 19:76
وَيَزِيدُ اللَّهُ الَّذِينَ اهْتَدَوْا هُدًى ۗ وَالْبَاقِيَاتُ الصَّالِحَاتُ خَيْرٌ عِنْدَ رَبِّكَ ثَوَابًا وَخَيْرٌ مَرَدًّا
আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰষ্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।
তাফছীৰ
আল্লাহে যিসকল লোকক পথভ্ৰষ্টতাত নিমজ্জিত কৰিবলৈ অধিক অৱকাশ দিয়ে, তেনেকুৱা লোকৰ বিপৰীতে তেওঁ হিদায়তপ্ৰাপ্ত লোকসকলৰ ঈমান আৰু আনুগত্য অধিক বৃদ্ধি কৰি দিয়ে। তথা হে ৰাছুল! সৎকৰ্ম, যিটোৱে চিৰস্থায়ী সুখ প্ৰদান কৰে, আপোনাৰ প্ৰতিপালকৰ ওচৰত প্ৰতিফলৰ ফালেৰে অধিক লাভদায়ক আৰু উত্তম পৰিণামৰ যোগ্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক