ছূৰা 19 · জুজ 16

Maryam · 19:75

قُلْ مَنْ كَانَ فِي الضَّلَالَةِ فَلْيَمْدُدْ لَهُ الرَّحْمَٰنُ مَدًّا ۚ حَتَّىٰ إِذَا رَأَوْا مَا يُوعَدُونَ إِمَّا الْعَذَابَ وَإِمَّا السَّاعَةَ فَسَيَعْلَمُونَ مَنْ هُوَ شَرٌّ مَكَانًا وَأَضْعَفُ جُنْدًا

কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওঁক বা কিয়ামতেই হওঁক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন দুৰ্বল’।

তাফছীৰ

হে ৰাছুল! আপুনি কৈ দিয়ক, যিয়ে পথভ্ৰষ্টতাত পতিত হৈ আছে, ৰহমানে তাক আৰু অৱকাশ দিব, যাতে তাৰ পথভ্ৰষ্টতা আৰু বৃদ্ধি পায়। অৱশেষত এইসকল লোকে যেতিয়া এই পৃথিৱীত অনতিপলমে অথবা দেৰিকৈ কিয়ামতৰ দিনা সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুতমূলক শাস্তি নিজ চকুৰে প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে গম পাব যে, কাৰ ঠিকনা অতি নিকৃষ্ট আৰু কাৰ সহায়ক অতি কম? সেইটো সিহঁতৰ দল নে মুমিনসকলৰ দল?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক