ছূৰা 19 · জুজ 16

Maryam · 19:74

وَكَمْ أَهْلَكْنَا قَبْلَهُمْ مِنْ قَرْنٍ هُمْ أَحْسَنُ أَثَاثًا وَرِئْيًا

আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছো—যিসকল সিহঁততকৈ সম্পদ আৰু বাহ্যদৃষ্টিত শ্ৰেষ্ঠ আছিল।

তাফছীৰ

নিজৰ ভৌতিক শ্ৰেষ্ঠতাৰ প্ৰতি অহংকাৰ কৰা এই কাফিৰসকলৰ পূৰ্বেও আমি বহুতো জাতিক বিনষ্ট কৰিছোঁ, যিসকল ধন-সম্পত্তিত ইহঁততকৈও আছিল উত্তম আৰু সাজ-পাৰত তথা শাৰীৰিক গঠনতো আছিল উত্তম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক