ছূৰা 19 · জুজ 16

Maryam · 19:73

وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا أَيُّ الْفَرِيقَيْنِ خَيْرٌ مَقَامًا وَأَحْسَنُ نَدِيًّا

আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?

তাফছীৰ

আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ যেতিয়া মানুহৰ সন্মুখত তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে মুমিনসকলক উদ্দেশ্যি কয়ঃ কোৱাচোন, অৱস্থান তথা বসবাসৰ ফালৰ পৰা কোনটো দল উত্তম, আৰু বৈঠক তথা সমাৱেশৰ ফালৰ পৰা কোনটো দল উত্তম, তোমালোকৰটো নে আমাৰটো?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক