ছূৰা 19 · জুজ 16

Maryam · 19:46

قَالَ أَرَاغِبٌ أَنْتَ عَنْ آلِهَتِي يَا إِبْرَاهِيمُ ۖ لَئِنْ لَمْ تَنْتَهِ لَأَرْجُمَنَّكَ ۖ وَاهْجُرْنِي مَلِيًّا

পিতাকে ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে অৱশ্যে মই তোমাক শীল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।

তাফছীৰ

আঝাৰে তেওঁৰ পুত্ৰ ইব্ৰাহীমক ক'লেঃ হে ইব্ৰাহীম! মই যিবোৰ মূৰ্তিৰ উপাসনা কৰোঁ সেইবোৰৰ পৰা তুমি বিমুখ হৈছা নেকি, যদি তুমি মোৰ মূৰ্তিবোৰক গালি-শপনি দিয়াৰ পৰা বিৰত নাথাকা তেন্তে মই তোমাক শিল দলিয়াই খেদিম। শুনা! তুমি দীৰ্ঘ সময়ৰ বাবে মোৰ পৰা আঁতৰি যোৱা, লগতে মোৰ সৈতে কথা নক'বা আৰু মোৰ সন্মুখতো নাহিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক