ছূৰা 19 · জুজ 16
Maryam · 19:39
وَأَنْذِرْهُمْ يَوْمَ الْحَسْرَةِ إِذْ قُضِيَ الْأَمْرُ وَهُمْ فِي غَفْلَةٍ وَهُمْ لَا يُؤْمِنُونَ
আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে।
তাফছীৰ
হে ৰাছুল! মানুহক আপুনি অনুতাপ দিৱসৰ পৰা সতৰ্ক কৰক, যিদিনা ছহীফা মেৰিয়াই থোৱা হ'ব, মানুহৰ হিচাপ-কিতাপ সম্পন্ন কৰা হ'ব, আৰু প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ কৰ্মফল অৰ্পন কৰা হ'ব, তেতিয়া গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহৰ বাবে অনুতপ্ত হ'ব আৰু পূণ্যৱানসকলে অধিক নেকী নকৰাৰ বাবে পৰিতাপ কৰিব। অথচ পাৰ্থিৱ জীৱনত সিহঁত পৃথিৱীৰ মিছা মোহত পৰি আছিল, আখিৰাতৰ পৰা অমনোযোগী হৈ আছিল আৰু কিয়ামতৰ দিনৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক