ছূৰা 19 · জুজ 16

Maryam · 19:40

إِنَّا نَحْنُ نَرِثُ الْأَرْضَ وَمَنْ عَلَيْهَا وَإِلَيْنَا يُرْجَعُونَ

নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানা কেৱল আমাৰেই থাকিব আৰু আমাৰ ওচৰতেই সিহঁত প্ৰত্যাৱৰ্তিত হ’ব।

তাফছীৰ

প্ৰকৃততে সৃষ্টিজগত বিনাশ হোৱাৰ পিচত কেৱল আমিয়েই অৱশিষ্ট থাকিম। পৃথিৱী আৰু তাত থকা বাকী বস্তুবোৰৰ মালিক কেৱল আমিয়েই। যিহেতু আমিয়েই মালিক সেয়ে সেইবোৰক আমি যিদৰে ইচ্ছা সেইদৰে নিয়ন্ত্ৰণ কৰিম আৰু প্ৰয়োগ কৰিম। আনহাতে কিয়ামতৰ দিনা প্ৰত্যেকেই হিচাপ-কিতাপ আৰু প্ৰতিফলৰ বাবে আমাৰ ফালেই উভতি আহিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক