ছূৰা 19 · জুজ 16

Maryam · 19:42

إِذْ قَالَ لِأَبِيهِ يَا أَبَتِ لِمَ تَعْبُدُ مَا لَا يَسْمَعُ وَلَا يُبْصِرُ وَلَا يُغْنِي عَنْكَ شَيْئًا

যেতিয়া তেওঁ তেওঁৰ পিতৃক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’?

তাফছীৰ

যেতিয়া তেওঁ নিজৰ পিতা আঝাৰক ক'লেঃ হে মোৰ পিতা! আপুনি আল্লাহক এৰি মূৰ্তিৰ উপাসনা কিয় কৰে, যাক আপুনি আহ্বান কৰিলে সি আপোনাৰ আহ্বান শুনা নাপায়, যদি আপুনি তাৰ উপাসনা কৰে, সি আপোনাৰ উপাসনা দেখা নাপায়, যিয়ে আপোনাৰ কোনো বিপদ দূৰ কৰিব নোৱাৰে আৰু আপোনাক কোনো উপকাৰো কৰিব নোৱাৰে?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক